এনআৰচিৰ সন্দৰ্ভত আছু আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ যৌথ সভা

এনআৰচিৰ সন্দৰ্ভত আছু আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ যৌথ সভা

সদৌ অসম ছাত্ৰ সন্থা আৰু খিলঞ্জীয়া জনগোষ্ঠীয় সাহিত্য সভাৰ এন আৰ চিৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া ৷ আছু আৰু খিলঞ্জীয়া জনগোষ্ঠীয় সাহিত্য সভাৰ যৌথ বৈঠকত এন আৰ চি প্ৰকাশৰ পিছত যাতে কোনোৱে অপ্ৰীতিকৰ পৰিস্থিতি স্থিতি নকৰে তাৰ প্ৰতি সকলোকে হুংকাৰ দিয়ে ৷

লগতে দুয়োটা সংগঠনে হিন্দু বাংলাদেশীসকলক ৰক্ষা কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰা সকলক তীব্ৰভাৱে গৰিহনা দিয়ে। এনআৰচিৰ সন্দৰ্ভত ৰাজনীতি সহ্য কৰা ন’হব। যদি যিকোনো লোকৰ নাম চূড়ান্ত এন আৰচিত সন্নিবিষ্ট নাথাকে তেন্তে আছু আৰু খিলঞ্জীয়া জনজাতি সাহিত্য সভাই স্বদেশী লোকসকলক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই বৈঠকত স্বদেশীলোকসকলৰ ক্ষেত্ৰত সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে অসম চুক্তি ৬ নং দফাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ কথা উল্লেখ কৰে । স্থানীয় নিকায়,বিধানসভা, সংসদত খিলঞ্জীয়া জনজাতি,খিলঞ্জীয়া অসমীয়া আৰু আন আন খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ,অসমীয়া আৰু জনজাতীয় তথা খিলঞ্জীয়া ভাষাসমূহলৈ সুৰক্ষা প্ৰদান,অসম চৰকাৰ আৰু সংৰক্ষণ তথা প্ৰসাৰৰ বাবে ল’বলগীয়া অন্যান্য ব্যৱস্থাৱলীৰ ওপৰত স্পষ্ট মতামত লাভ কৰিব লাগিব বুলি সভাই স্পষ্ট কৰি দিয়ে ৷

ইফালে এন আৰ চি ক্ষেত্ৰত যৌথ সভাই কয় যে উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ।অসমৰ বিদেশী সমস্যা স্থায়ী সমাধানৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা প্ৰক্ৰিয়াৰে এখন অবৈধ বাংলাদেশীৰ নাম মুক্ত শুদ্ধ নাগৰিক পঞ্জী লাগিবই ৷

ৰাজ্যত চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশ পাবলৈ মাজত মাথো তিনিদিন। সাজু হৈছে চৰকাৰৰ লগতে প্ৰশাসন ৷ ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ সমূহৰ ভিতৰত গুৱাহাটী,যোৰহাট,শিলচৰ,নগাওঁ,বঙাইগাঁও আৰু তেজপুৰত ছেপ্তেম্বৰৰ প্ৰথমতে কাম আৰম্ভ হ’ব ।

কোনো ব্যক্তি বিদেশী আৰু ভাৰতীয় হোৱাৰ সম্বন্ধত অথবা তেওঁলোকে যাৱতীয় নথি পত্ৰ সময়ত দিছেনে নাই এই সম্পৰ্কত অতিৰিক্ত বিদেশী ন্যায়াধীকৰণে নিজৰ ৰায় প্ৰদান কৰিব ৷বিদেশী ন্যায়াধীকৰণ সংশোধন আইন ২০১৯ ৰ অনুসৰি গৃহ মন্ত্ৰ্যালয়ে ৩১ আগষ্টত অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ তাৰিখৰ পূৰ্বতে আপীল কৰাৰ সময় ১২০ দিন পৰ্যন্ত বৃদ্ধি কৰিলে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Beware Rapido Captains! No commercial vehicle permit might lead you into trouble

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com