সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ সামৰণি

সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ সামৰণি

সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ সামৰণি । ৰাজ্যত তীব্ৰ গতিত চলি আছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ। আছুকে ধৰি আন ৩০ জনগোষ্ঠীয় সংগঠনে কৰিছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে।‌তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন স্থানত ৰূপায়ন হৈছিল সত্যাগ্ৰহ কাৰ্যসূচী। অৱশেষত বুধবাৰে আছুৰ নেতৃত্বত হোৱা সত্যাগ্ৰহ কাৰ্যসূচীৰ অন্ত পৰে । আন দুদিনৰ দৰে অন্তিম দিনা খনো নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে ৰূপায়ন কৰা সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে ।

সত্যাগ্ৰহৰ তৃতীয় দিনা খনো " হয় কা- বাতিল কৰক নহলে আমাক গ্ৰেপ্তাৰ কৰক" শ্ল'গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে । শিখ , মৰোৱাৰী , ভোজপুৰী, আন হিন্দী ভাষী লোকৰ উপৰিও সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ ওলাই আহি বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে।‌

অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙে দ্যা চেন্টিনেলৰ আগত কয় যে, "কেন্দ্ৰীয় চৰকাৰে অসংবিধানিক ৰূপত জাপি দিব খোজা কা- আমি কেতিয়াও গ্ৰহন নকৰো । অসমৰ এটা স্বদেশী সমূদায় হিচাপে আমি কা- ৰ বিৰুদ্ধে ওলাই আহিছো । কা- বাতিল নোহোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব" ।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে কা- ৰ বিৰুদ্ধে প্ৰতিবাদ অসিংহা ৰূপত অব্যাহত থাকিব। লগতে কয় যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰিছে যে কি কাৰণে কা- বাতিল নহয় আৰু তাৰ কাৰণ । তেওঁলোকৰ আইনী যুঁজ অব্যাহত থাকিব বুলি কয় ভট্টাচাৰ্যই।

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে সমগ্ৰ ৰাজ্যৰ মানুহ ওলাই আহিছে কা- ৰ বিৰুদ্ধে। সকলোৱে অনুভৱ কৰিছে যে কা- অসমৰ বাবে ক্ষতিকাৰক। লগতে কয় যে অসম চৰকাৰে ৫৫,০০০ চাকৰিৰ নিযুক্তিৰ ঘোষনা এক হাস্যকৰ কথা । সকলো শিল্পীয়ে কা- ৰ বিৰুদ্ধে ওলাই আহিছে, সেই সময়তে তেওঁলোকক আন্দোলনৰ পৰা আতৰ কৰাৰ ষড়যন্ত্ৰ ৰে শিল্পী সমাজৰ বাবে সাহাৰ্য্য ঘোষনা কৰিছে । কিন্তু চৰকাৰে কেতিয়াও অসমৰ মানুহৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে বুলি কয় লুৰিণ জ্যোতি গগৈয়ে।

আছুৰ সাধৰণ সম্পাদক গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল নোহোৱা পৰ্যন্ত এই আইন খনৰ বিৰুদ্ধে আন্দোলন চলি থাকিব।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Rally Against CAA 2019 in Kokrajhar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com