পৰীক্ষাৰ পিছতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হ'ব- আছু

পৰীক্ষাৰ পিছতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হ'ব- আছু

পৰীক্ষাৰ পিছতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হ'ব- আছু ।

শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন স্তৰৰ চলিত পৰীক্ষাসমূহৰ পিছতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ কৰি তোলা হ'ব- আছু।

বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চলিত পৰীক্ষাসমূহ সমাপ্ত হোৱাৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থা(আছু)ই সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে ৷

শুকুৰবাৰ আৰু বৃহস্পতিবাৰে আয়োজিত আছুৰ কাৰ্যকৰী সমিতি আৰু প্ৰতিনিধিসকলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই “দা ছেন্টিনেল"ৰ আগত কয় যে আগন্তক সময়ত কা-ৰ বিৰুদ্ধে আন্দোলন প্ৰবল কৰি তোলা হ'ব। এই আন্দোলন সমগ্ৰ ৰাজ্যৰ গাঁও, পাহাৰ, আৰু অন্যান্য ঠাই সমূহত শৃংখলাবদ্ধভাৱে কৰা হ'ব । তেওঁ কয় যে ৰাজ্যত চলি থকা পৰীক্ষাৰ সময়ত যাতে কোনোৱে হতাশা বোধ নকৰে তাৰ বাবে কা বিৰোধী আন্দোলন কিছু পৰিমাণে স্থবিৰ কৰি ৰখা হৈছে ৷ তৎসত্বৱেও নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন এতিয়াও অব্যাহত আছে বুলি তেওঁ উনুকীয়ায়। তদুপৰি শনিবাৰে ডিব্ৰুগড়ত কা- বিৰোধী সমদল উলিওৱা হ'ব বুলি সদৰী কৰে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে।

তেওঁ কয় যে কা বিৰোধী আন্দোলনৰ বাবে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ৩০ জনগোষ্ঠীয় সংগঠনে একেলগে মিলি কাম কৰিব । তেওঁ কয় যে ঐতিহাসিক অসম আন্দোলনৰ সময়ত থকা সকলো সংগঠন এছ এ কে পি, কেন্দ্ৰীয় আৰু অৰ্ধ-কেন্দ্ৰীয় কৰ্মচাৰী সন্থা, অসম সাহিত্য সভা, সদৌ অসম উকীল সংঘকো একেখন মজিয়াত উপৱিষ্ট কৰাৰ কথা আছুৱে চিন্তা কৰিছে ৷

তেওঁ কয় যে কা বিৰোধী আন্দোলনৰ বাবে সকলোকে একগোট কৰাৰ বাবে এখন মঞ্চ গঠন কৰাৰ আৱশ্যক।

ভট্টাচাৰ্যই কয় যে ভৱিষ্যতে আছুৱে কা বিৰোধী আন্দোলন আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰাৰ কথাও চিন্তা-চৰ্চা কৰি আছে।

ৰাজ্যত চলি থকা অৰ্থনৈতিক আন্দোলন সংক্ৰান্তত ভট্টাচাৰ্যই ৰাজ্য চৰকাৰক ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা অত্যাচাৰ ৰোধ কৰাৰ বাবে সকীয়নি প্ৰদান কৰে।

ইনাৰ লাইন পাৰ্মিট সম্পৰ্কে ভট্টাচাৰ্যই কয় যে আছু আৰু নেছ'ই এই ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায় আহিছে। তেওঁ কয় যে তেওঁলোকে প্ৰথমৰ পৰাই ইনাৰ লাইন পাৰ্মিটৰ দাবী জনাই আহিছে।

আনহাতে, আছুৰ সাধাৰণ‌ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অহা ১৫ মাৰ্চৰ পৰা আন্দোলন তীব্ৰতৰ কৰি তোলা হ'ব আৰু এই আন্দোলন ৰঙালী বিহু পৰ্যন্ত অব্যাহত থাকিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Singer Zubeen Garg is stable with no serious symptoms: Nemcare Hospital Management

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com