বিহুক ঐচ্ছিক বিষয়ৰূপে অন্তৰ্ভুক্ত শিক্ষা সংসদৰ

ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক সচেতনতা সৃষ্টি কৰা।
বিহুক ঐচ্ছিক বিষয়ৰূপে অন্তৰ্ভুক্ত শিক্ষা সংসদৰ

অসমৰ জাতীয় উৎসৱ বিহুক ঐচ্ছিক বিষয়ৰূপে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ সেই অনুসৰি পৰৱৰ্তী শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে বিহুক ঐচ্ছিক বিষয়ৰূপে গ্ৰহণ কৰিব পাৰিব ৷ বিহুক উচ্চতৰ মাধ্যমিক স্তৰত ঐচ্ছিক বিষয়ৰূপে অন্তৰ্ভুক্তিকৰণৰ কাৰণ সম্পৰ্কে বাখ্যা কৰি শিক্ষা সংসদে কয় যে ইয়াৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক সচেতনতা সৃষ্টি কৰা।উল্লেখ্য যে বিহু বিষয়ক পাঠ প্ৰস্তুত কৰিব প্ৰখ্যাত সাংস্কৃতিক বিশেষজ্ঞ জয়কান্ত গন্ধীয়া, খগেন গগৈৰ লগতে ইছমাইল হুছেইনে ৷

শিক্ষা সংসদে লগতে আন ২৭টা বিভিন্ন ভকেচনেল (হাতে-কামে কৰি শিকা বিষয়) বিষয়ো অন্তৰ্ভুক্ত কৰিছে ৷ উচ্চতৰ মাধ্যমিক শ্ৰেণীত আগন্তুক শিক্ষাবৰ্ষৰ পৰা এইসমূহ নতুন বিষয়ৰ শিক্ষাদান কৰা হ'ব ৷ আনহাতে, উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত বিজনেছ ষ্টাডিজ আৰু একাউণ্টেন্সীক ঐচ্ছিক বিষয় কৰা হৈছে বুলি শিক্ষা সংসদে প্ৰকাশ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com