অনাশিক্ষক কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণ কৰাৰ দাবী সদৌ অনাশিক্ষক কৰ্মচাৰী সন্থাৰ । অসমৰ মধ্য বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলে কয় যে অসম শিক্ষা ( ভেন্সাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশীকৰণ আইন) ২০১৮ ৰ জৰিয়তে বৈষম্য মূলক কিয়নো তাত তেওঁলোকৰ সেৱাৰ শিয়মীয়াকৰণ সম্পৰ্কে উল্লেখ নাই । তেওঁলোকে কয় যে অনা শিক্ষক কৰ্মচাৰী আৰু তেওঁলোকৰ শিক্ষাবৃত্তি সম্পৰ্কে কিছুমান বৈষম্য মূলক নীতি আছে ।
চৰকাৰী কৰ্মচাৰীৰ স্তৰত তেওঁলোকৰ এক নিশ্চিত দৰমহা নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত প্ৰাদেশীকৰণ আইনত কোনো সুস্পষ্ট আদেশ নথকাৰ ওপৰত হতাশা প্ৰকাশ কৰে অনা শিক্ষক কৰ্মচাৰী সন্থাৰ । অসমৰ অনা শিক্ষক কৰ্মচাৰী সকলে ৬২৬ খন মাধ্যমিক বিদ্যালয়ৰ ১,৮৬০ টা পদ প্ৰাদেশীকৰণৰ দাবী জনায় ।
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল সম্বোধন কৰি সদৌ অসম প্ৰাদেশীকৰণ যোগ্য অনা শিক্ষক কৰ্মচাৰী সন্থাই কয় যে ৬২৬ খন বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীয়ে অনিশ্চয়তাৰ সতে নিজৰ জীৱনৰ নিৰ্বাহ কৰি আছে। শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক সকলৰ পদ প্ৰাদেশীকৰণৰ বাবে ইতিমধ্যে প্ৰাদেশীকৰণ শিক্ষা বিভাগৰ দ্বাৰা অসম চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে । কিন্তু উক্ত অনুষ্ঠানত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰী সমূহৰ নথি পত্ৰ একেলগে প্ৰেৰণ কৰা নহল । তাৰ পিছতেই সদৌ অসম প্ৰাদেশীকৰণ যোগ্য অনা শিক্ষক কৰ্মচাৰী সন্থা গঠন কৰে আৰু উক্ত সন্থাই তেওঁলোকৰ পদ সমূহ প্ৰাদেশীকৰণৰ বাবে দাবী জনায় । কিন্তু আজি পৰ্যন্ত মাধ্যমিক শিক্ষা শিক্ষা সঞ্চালকে অনা শিক্ষক কৰ্মচাৰীৰ নথি পত্ৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰা নাই । যাৰ বাবে হতাশাগ্ৰস্ত হৈ পৰিছে অনা শিক্ষক কৰ্মচাৰী সন্থা।
সংবাদ মাধ্যমৰ আগত সদৌ অসম প্ৰাদেশীকৰণ যোগ্য অনা শিক্ষক কৰ্মচাৰী সন্থাৰ সচিব যুগল কিশোৰ শৰ্মাই কয় যে " চৰকাৰে অনা শিক্ষক কৰ্মচাৰী সকলৰ পদ সমূহ প্ৰাদেশীকৰণ কৰাটো এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। কিয়নো পদ সমূহ প্ৰাদেশীকৰণ সম্বন্ধে অসম চৰকাৰৰ দ্বাৰা নিৰ্দেশিত এক পত্ৰত স্পষ্ট ভাৱে উল্লেখ কৰা হৈছিল যে তেওঁলোকৰ পদ সমূহ প্ৰাদেশীকৰণ কৰাৰ পিছত এক নিশ্চিত বেতন প্ৰদান কৰা হব আৰু ১৯৪৮ ৰ মিনিমান ৱেগচ এক্ট পালন কৰা হ'ব । কিন্তু উক্ত আইন খনত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বেতন নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা আইন ।
শিক্ষক আৰু কৰ্মচাৰী সকলৰ মাজৰ ইয়াক বৈষম্যমূলক নীতি আখ্যা দিয়ে সদৌ অসম প্ৰাদেশীকৰণ যোগ্য অনা শিক্ষক কৰ্মচাৰী সন্থাই । লগতে বৈষম্য মূলক নীতি পৰিহাৰ কৰি অনা শিক্ষক কৰ্মচাৰী সকলক অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰী হিচাপে পদবোৰ প্ৰাদেশীকৰণ কৰাৰ যাবতীয় ব্যৱস্থা গ্ৰহন কৰাৰ বাবে আহ্বান জনায় শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।
অন্য খবৰৰ বাবে পঢ়ক : কা- বিৰোধী আন্দোলনকাৰী ২০২১ চনত জয় লাভ কৰিব : অসম প্ৰদেশ কংগ্ৰেছ কমিটী
ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP members form human chain across Assam to protest against CAA 2019