এ পি এছ চিক অসামৰিক সেৱাৰ পৰীক্ষা পতাৰ অনুৰোধ অসম চৰকাৰৰ

আদালতত এটা গোচৰ ৰুজু হোৱাৰ পৰিপ্ৰেক্ষিতত ১৩৮টা পদত নিযুক্তিৰ বাবে আয়োগে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই।
এ পি এছ চিক অসামৰিক সেৱাৰ পৰীক্ষা পতাৰ অনুৰোধ অসম চৰকাৰৰ

অসম লোকসেৱা আয়োগক অসামৰিক আৰু অন্যান্য সংলগ্ন সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। ৰাজ্য চৰকাৰৰ কৰ্মী প্ৰশাসন বিভাগে ৩৩১টা পদৰ বাবে সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোকসেৱা আয়োগক অনুৰোধ জনাইছে ৷ এই ৩৩১টা পদৰ ১২১টা অসম অসামৰিক সেৱা(এ চি এছ)-ৰ। এক তথ্য অনুসৰি ২০২০ৰ জুলাইলৈকে এ চি এছত ৩৪১টা পদ খালী হয় ৷ এ চি এছত ১,১০০ অনুমোদিত পদ আছে ৷

আনহাতে, আদালতত এটা গোচৰ ৰুজু হোৱাৰ পৰিপ্ৰেক্ষিতত ১৩৮টা পদত নিযুক্তিৰ বাবে আয়োগে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই। আনহাতে, প্ৰাপ্ত তথ্য অনুসৰি বিভিন্ন বিভাগত খালী হৈ থকা ৰাজপত্ৰিত বিষয়াৰ পদসমূহত নিযুক্তিৰ বাবে এ পি এছ চিক ৰাজ্য চৰকাৰে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com