অসমত আৰু ৯২ জন ক'ৰ'না আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

আজি একেলগে ৯২ জন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুখী হৈছে ৷
অসমত আৰু ৯২ জন ক'ৰ'না আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি
Published on

ৰাজ্যত আৰু ৯২ জন ক'ৰ'না আৰোগ্যক চিকিৎসালয়ৰ পৰা মুকলি

ক'ৰ'না মহামাৰীক লৈ আতংকিত ৰাজ্যবাসীলৈ এক সুখবৰ! আজি একেলগে ৯২ জন ক'ৰ'না আক্ৰান্তই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰমুখী হৈছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি গুবাহাটীৰ কালাপাহাৰৰ ক'ৰ'না চিকিৎসা ব্যৱস্থাৰ পৰা ৪৬ জন সুস্থ ক'ৰ'না আক্ৰান্তক, ২২জনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা, ১৩জনক তেজপুৰ মেডিকেল কলেজৰ পৰা, সাতজনক যোৰহাট মেডিকেল কলেজৰ পৰা, দুজনক বৰপেটা মেডিকেল কলেজৰ পৰা আৰু এজনক শিলচৰ মেডিকেলৰ পৰা আৰু এজনক ডিব্ৰুগড় মেডিকেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ফলত ৰাজ্যত ক'ৰ'না আৰোগ্যৰ সংখ্যা ২৭৭ গৰাকীলৈ বৃদ্ধি পাইছে। একেদৰে এক্টিভ পজিটিভৰ সংখ্যা ১,১০৬জনলৈ হ্ৰাস পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com