লকডাউন বৃদ্ধি: অসম চৰকাৰে পালন কৰিব কেন্দ্ৰৰ নীতি-নিৰ্দেশনা

লকডাউন বৃদ্ধি: অসম চৰকাৰে পালন কৰিব কেন্দ্ৰৰ নীতি-নিৰ্দেশনা

লকডাউন বৃদ্ধি: অসম চৰকাৰে পালন কৰিব কেন্দ্ৰৰ নীতি-নিৰ্দেশ । ১৪ এপ্ৰিলৰ পিছত লক-ডাউন বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰৰ নীতি-নিৰ্দেশনা পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে।‌ দেওবাৰে খানাপাৰা প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।‌

বৈঠকৰ পাছত পৰিবহণ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্য চৰকাৰে তলাবন্ধক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে ।‌ লক ডাউন সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পিছত এই কেবিনেট বৈঠক অনুষ্ঠিত হয় । বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লকডাউনৰ সময়সীমা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰিবলৈ আহ্বান‌ জনাইছে যদিও কেন্দ্ৰই এতিয়াও সিদ্ধান্ত ঘোষণা কৰা নাই ।

মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে ৰাজ্যত বিভিন্ন সামগ্ৰী পৰ্যাপ্ত পৰিমাণে আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com