বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

এই অগ্নিকাণ্ডৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক ৷
বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ যোৱা মঙলবাৰে সূত্ৰপাত ঘটা এই অগ্নিকাণ্ডৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক ৷ তদন্তৰ প্ৰতিবেদন ১৫দিনৰ ভিতৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে বাঘজান তৈল ক্ষেত্ৰৰ পাঁচ নম্বৰ খাদত সূত্ৰপাত ঘটা এই অগ্নিকাণ্ডই ইমানেই ভয়াবহ ৰূপ লয় যে ওচৰ-পাঁজৰৰ কমেও ৭হেজাৰ লোকক স্থানান্তৰিত কৰিব লগীয়া হয় ৷ এইসকল লোকৰ বাবে ১২টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ তদুপৰি অগ্নিকাণ্ড নিৰ্বাপনত নিয়োজিত অইলৰ দুজন নিৰ্বাপক বাহিনীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ আনহাতে, তিনিদিন অতিক্ৰম কৰাৰ পাছতো জুই নুমুৱাবলৈ সক্ষম নোহোৱাত বহুতৰে মনত ক্ষোভৰ সৃষ্টি হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ তদুপৰি তেওঁ অইলৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হয় ৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতিটোকে ৩০হেজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষিত হৈছে ৷

আনহাতে, বুধবাৰে মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰে যে বাঘজান তৈল ক্ষেত্ৰৰ অগ্নি নিৰ্বাপনত নিয়োজিত অইল ইণ্ডিয়া লিমিটেডৰ দুই দুৰ্ভগীয়া কৰ্মী দুৰ্লভ গগৈ আৰু তিষেশ্বৰ গোহাঁইৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব ৷ মঙলবাৰে  তৈল ক্ষেত্ৰখনৰ ৫নম্বৰ খাদত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কিছু সময়ৰ পাছতে গগৈ আৰু গোহাঁই সন্ধানহীন হয় ৷ আজি পুৱা এন ডি আৰ এফে দুয়োৰে নিথৰ দেহ তৈল ক্ষেত্ৰখনৰ ওচৰৰ এখন বিলৰ পানীৰ পৰা উদ্ধাৰ কৰে ৷ এই ঘটনাক লৈ ৰাজ্যবাসী শোকত ম্ৰিয়মান হোৱাৰ সময়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে দুৰ্ভগীয়াদ্বয়ৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ'ব ৷ আনহাতে, প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত কালি বিয়লি তিনিজন অগ্নি-নিৰ্বাপক কৰ্মীয়ে ঘটনাস্থলীৰ ওচৰৰ পানীৰে পৰিপূৰ্ণ এখন বিলত জাঁপ দিয়ে ৷ ইয়াৰে দুজন অগ্নি-নিৰ্বাপক কৰ্মী আছিল অইল ইণ্ডিয়া লিমিটেডৰ আৰু আনজন অ' এন জি চিৰ ৷ সৌভাগ্যবশতঃ অ' এন জি চিৰ কৰ্মীজনে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ কিন্তু অইল ইণ্ডিয়াৰ কৰ্মীদ্বয়ে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম নহ'ল ৷ এই দুৰ্ভগীয়া কৰ্মীদ্বয়েই হৈছে দুৰ্লভ গগৈ আৰু তিষেশ্বৰ গোহাঁই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com