জজ ফিল্ডত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ক'ৰ'না যোদ্ধাক প্ৰশংসা সোণোৱালৰ

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক-ডাউন ঘোষণা কৰাত ৰাজ্য চৰকাৰসমূহে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে।
জজ ফিল্ডত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ক'ৰ'না যোদ্ধাক প্ৰশংসা সোণোৱালৰ

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আজি অনুষ্টুপীয়া আয়োজনৰ মাজত গুৱাহাটীৰ জজ খেলপথাৰত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যকৰ্মী, আৰক্ষীকে ধৰি সকলো ক'ৰ'না মহামাৰীবিৰোধী যোদ্ধাক ধন্যবাদ জনায়। লগতে তেওঁ ক'ৰ'না মহামাৰী আৰু অন্যান্য দুৰ্যোগত প্ৰাণ হেৰুওৱাসকললৈ শ্ৰদ্ধাঞ্জলী জনায়।

আনহাতে, নতুন শিক্ষা নীতি গ্ৰহণ কৰাৰ বাবে সোণোৱালে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়মতে লক-ডাউন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰসমূহে ক'ৰ'নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com