আৰু সাতজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি

আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে
আৰু সাতজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি
Published on

আৰু সাতজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৬৬জনলৈ বৃদ্ধি

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৬৬জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ সাতজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আটাইকেইজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ইয়াৰে ছজন হোজাইৰ আৰু এজন ধুবুৰীৰ।ইয়াৰ পূৰ্বে অসমত নিয়োজিত ছজন চি আৰ পি জোৱান ক'ৰ'না পজিটিভ চিনাক্ত হয়। সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২০৫ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ অৱশ্যে চাৰিজন মৃত্যুমুখত পৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com