শীৰ্ষ বাতৰি
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৯লৈ বৃদ্ধি, আৰু ১০ জন পজিটিভ চিনাক্ত
নতুনকৈ ১০জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৯লৈ বৃদ্ধি, আৰু ১০ জন পজিটিভ চিনাক্ত
শেহতীয়া তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি অসমত ৩২৯ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি পিছবেলা নতুনকৈ ১০জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ১০ জন লোকৰ চাৰিজন মৰিগাঁৱৰ, দুজন নলবাৰীৰ, নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাটৰ এজনকৈ লোক আছে। এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২৬৮ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷