অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৬০৫ লৈ বৃদ্ধি, আৰু ৯৫জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,১৮৩জনলৈ বৃদ্ধি পাইছে
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৬০৫ লৈ বৃদ্ধি, আৰু ৯৫জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৬০৫জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৯৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৯৫ ক'ৰ'না আক্ৰান্তৰ ২১জন যোৰহাটৰ, ১০জন গোলাঘাটৰ, ১২জন হাইলাকান্দিৰ, ৬জন ডিব্ৰুগড়ৰ, ৬ কামৰূপৰ, ৭জন কাৰ্বি আংলঙৰ, ৪জন ধেমাজিৰ, ৪জন বৰপেটাৰ, ৪জন কাচাৰৰ, ৩জন বঙাইগাঁৱৰ, ২জন নগাঁৱৰ, ২জন ওদালগুৰিৰ, ১জন ডিমা হাচাওৰ, ১জন শোণিতপুৰৰ। ফলত ৰাজ্যত শৰীৰত  ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,১৮৩জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com