ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীলৈ ৫০হেজাৰ টকাকৈ: মন্ত্ৰী শৰ্মাৰ ঘোষণা

স্বামী বিবেকানন্দ য়ুথ এনকাৰেজমেণ্ট আঁচনি পুনৰ মুকলি কৰি শুকুৰবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীলৈ ৫০হেজাৰ টকাকৈ: মন্ত্ৰী শৰ্মাৰ ঘোষণা

ক'ৱিড-১৯আৰ্থিক জটিলতা সৃষ্টি কৰাৰ সময়তো অসম চৰকাৰে ৰাজ্যৰ দুই লাখ যুৱক-যুৱতীক ৫০হেজাৰ টকাকৈ প্ৰদান কৰিব ৷ এণ্টাৰপ্ৰেণিউৰসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২লাখ যুৱক-যুৱতীক এই প্ৰদান কৰিব ৷ স্বামী বিবেকানন্দ য়ুথ এমপাৱাৰমেণ্ট যোজনা পুনৰ মুকলি কৰি শুকুৰবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে এই ধণ ঋণৰূপে প্ৰদান কৰা নহয় ৷ এই ধন বীজ বা উদ্যোগৰ দৰে কাম আৰম্ভ কৰিবলৈ মূল ৰূপেহে প্ৰদান কৰা হ'ব ৷ মন্ত্ৰীজনে আৰু কয় যে ইয়াৰ অধীনত গড়কাপ্টানী আৰু বান নিয়ন্ত্ৰণৰ লেখীয়া ঠিকা কামৰ বাবে যুৱক-যুৱতীক বিনামূলীয়া অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব ৷ তেওঁ কয় যে ৪০বছৰ বয়সলৈকে এই আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com