অনুপ্ৰৱেশকাৰীক উত্খাৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছেঃ সোণোৱাল

অনুপ্ৰৱেশকাৰীক উত্খাৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছেঃ সোণোৱাল

তেওঁ আৰু কয় যে অসম চুক্তি ৰূপায়নৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ প্ৰয়োজন হব।
Published on

ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰীক উত্খাতৰ উদ্দেশ্য বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি স্বাধীনতা দিৱসৰ ৰাজ্যিক কেন্দ্ৰীয় অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ন কৰাত ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰ বদ্ধপৰিকৰ। " আমি অসম চুক্তি ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিছো আৰু অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্তি দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছো", সোণোৱালে এইদৰে কয়।

তেওঁ আৰু কয় যে অসম চুক্তি ৰূপায়নৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ প্ৰয়োজন হব। ঐতিহাসিক জজ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এইবুলিও কয় যে সম্প্ৰতি ক'ৰ'না মহামাৰীৰ উপৰি বান দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। এনে সমস্যাৰ মাজতো বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নতুন ভূমিনীতি গ্ৰহণ কৰিছে আৰু কমেও এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাম—কাজ আগুৱাই নিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com