ক'ৰ'নাৰ পৰা আক্ৰান্তৰ হাৰঃ দেশৰ তিনি শীৰ্ষ ৰাজ্যৰ মাজত অসম

বৰ্তমানলৈকে অসমত ক’ৰ’না আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৩.৩শতাংশ।
ক'ৰ'নাৰ পৰা আক্ৰান্তৰ হাৰঃ দেশৰ তিনি শীৰ্ষ ৰাজ্যৰ মাজত অসম
Published on

ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাবৃদ্ধিৰ সমান্তৰালভাবে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ সম্প্ৰতি অসমে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষত থকা দেশৰ তিনিখন ৰাজ্যৰ মাজত স্থান লাভ কৰিছে ৷ এই কথা সদৰী কৰি সোমবাৰে এখন সলবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ মাজত থকা বুলি ক'লেও ভুল কোৱা নহ'ব ৷ " ভৱিষ্যতে কি হ'ব ক'ব নোৱাৰিলেও এই পৰ্যন্ত অসম ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ মাজত থকা বুলি ক'লেও ভুল কোৱা নহ'ব ৷ বৰ্তমানলৈকে অসমত ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৬৩.৩শতাংশ ৷ কেৰালাত আৰোগ্যৰ হাৰ ৫২ শতাংশ, পশ্চিমবংগত ৫৯.৫০শতাংশ আৰু মহাৰাষ্ট্ৰত ৪৯.৭৮শতাংশ আৰু গুজৰাটত ৭০শতাংশ, "মন্ত্ৰীজনে এইদৰে কয় ৷

তেওঁ লগতে কয় যে অসমত ক'ৰ'না আক্ৰান্তৰ মৃত্যুৰ হাৰ ০.১৬শতাংশ, যিটো দেশৰ ভিতৰতে সৰ্বনিম্ন । ভৱিষ্যতে কি হয় ক'ব নোৱাৰিলেও বৰ্তমানলৈকে ক'ৰ'না ভাইৰাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম সফল হৈছে বুলি ইংগিত দি আৰু কয়, " অসমে ক'ৰ'না আক্ৰান্তক সুস্থ কৰা আৰু এই মহামাৰীত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি দেশৰ আন ৰাজ্যসমূহৰ তুলনাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো ৷ অৱশ্যে ভৱিষ্যতে কি হ'ব ক'ব নোৱাৰো।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com