শিল্পী অৰ্চনা মহন্তলৈ অগণন অনুৰাগীৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলী

বৰেণ্য শিল্পীগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ খ্যাত-অখ্যাত অগণনজনে শোকপ্ৰকাশ কৰিছে।
শিল্পী অৰ্চনা মহন্তলৈ অগণন অনুৰাগীৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলী

কিংবদন্তী সংগীত শিল্পী , গণশিল্পী প্ৰয়াত খগেন মহন্তৰ পত্নী অৰ্চনা মহন্তলৈ অগণন অনুৰাগীয়ে অশ্ৰুসিক্ত শ্ৰদ্ধঞ্জলী জ্ঞাপন কৰিছে। উল্লেখ্য যে বিগত ডেৰ মাহ অসুস্থ হৈ থকা শিল্পীগৰাকীয়ে আজি চিৰদিনলৈ দুচকু মুদে। যোৱা মাহত মগজুৰ ষ্ট্ৰকত আক্ৰান্ত হৈ শিল্পীগৰাকী গুৱাহাটীৰ এখন হাস্পতালত চিকিত্সাধীন হৈ আছিল। অৱশেষত তেওঁ আজি মৃত্যুৰ ওচৰত হাৰ মানে। বিয়োগৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২বছৰ।

বৰেণ্য শিল্পীগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ খ্যাত-অখ্যাত অগণনজনে শোকপ্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা আপডেটত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আজি জাতিয়ে এগৰাকী চিৰস্মৰণীয় শিল্পীক হেৰুৱালে। শিল্পী মহন্তৰ বিয়োগত তেওঁ শোকপ্ৰকাশ কৰিছে। একেদৰে মহন্তৰ বিয়োগত শোক প্ৰকাশ কৰি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই কয় যে শিল্পীগৰাকীৰ বিয়োগত তেওঁ যিমান শোকাহত সেয়া প্ৰকাশৰ বাবে তেওঁৰ ওচৰত শব্দৰ অভাৱ ঘটিছে। মৃত্যুৰ সময়ত শিল্পী মহন্তই একমাত্ৰ অংগৰাগ পাপন মহন্তসহ ভালেসংখ্যক আত্মীয়-স্বজন আৰু অনুৰাগীক এৰি থৈ যায়।

উল্লেখ্য যে স্বামী খগেন মহন্তৰ সৈতে যুটি বান্ধি একালত বিহুক এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছিল শিল্পী অৰ্চনা মহন্তই। খগেন মহন্তৰ বিয়োগ ঘটে ২০১৪ত। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com