পুনৰ এবাৰ ইতিহাস ৰচিলে অসমৰ মনোহাৰী বাগিচাৰ বিৰল চাহে

এক নিলাম অনুষ্ঠানত অসমত উৎপাদিত এই বিৰল চাহক বিক্ৰী কৰা হয় প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯.০০/- টকা।
পুনৰ এবাৰ ইতিহাস ৰচিলে অসমৰ মনোহাৰী বাগিচাৰ বিৰল চাহে

 মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (GTAC) অনুষ্ঠিত হোৱা এক নিলামত  অসমত উৎপাদিত এক বিৰল চাহৰ প্ৰতি কিলোগ্ৰাম বিক্ৰী কৰা ৯৯,৯৯৯.০০/- টকাত।

৯৯,৯৯৯.০০/- টকাৰ সৰ্বোচ্চ মূল্য আগ বঢ়াই এই বিৰল চাহ বিধ ক্ৰয় কৰে সৌৰভ টী ট্ৰেডাৰ্ছে। অসাধাৰণ মূল্যৰ জৰিয়তে এবছৰৰ পাছত পুনৰ এবাৰ ইতিহাস মনোহাৰী গল্ড নামৰ এই বিশেষ চাহ বিধে। যোৱা বৰ্ষত এই বিৰল চাহ বিধ বিক্ৰী হৈছিল ৭৫,০০০/- টকাত। উল্লেখযোগ্য যে যোৱা বছৰো সৰ্বোচ্চ মূল্যত নিলাম কৰা হৈছিল এই বিশেষ চাহ বিধ।

"সমগ্ৰ বিশ্বই মহামাৰী কৰ'ণাৰ বিৰূদ্ধে যুঁজি থকাৰ সময়ত এই সাফল্যতা অতি প্ৰশংসনীয়। যোৱা ছেপ্টেম্বৰত এই বিশেষ চাহ বিধৰ উৎপাদন কৰি গুৱাহাটী নিলাম কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰিছে মানুহৰী চাহ বাগিচাই।", এই কথা প্ৰকাশ কৰে এগৰাকী কৰ্মকৰ্তাই।

ইয়াৰ লগতে তেওঁ দাবী কৰে যে শেহতীয়াবাবে অসমৰ সৰ্বাধিক মূল্যৰ চাহ সমূহ প্ৰদৰ্শনৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ গঢ়ি উঠিছে এক বিশেষ প্ৰতিষ্ঠান ৰূপে।

তেওঁ জনাই যে ভাল গুণাগুণৰ চাহৰ বৈশিষ্ট হৈছে ইয়াৰ গোন্ধ, সোৱাদ আৰু ৰং।

এই চাহ "কন্তেম্পৰাৰী ব্ৰকাৰচ প্ৰাইভেট লিমিটেড"ৰ দ্বাৰা বিক্ৰী কৰা হৈছিল ৭৫,০০০/- টকা, প্ৰতি কিলোৰ মূল্যত।

এই চাহ বিধৰ বিশেষ্য ই যে ইয়াক তৈয়াৰ কৰা হয় সৰ্বোত্তম গুণৰ দুবাৰকৈ বিশুদ্ধ কৰা ঔপনিবেশিক চাহৰ কলিৰ দ্বাৰা, যাক কেৱল ৰাতিপুৱাৰ সময়ত হাতেৰে তুলিব পাৰি।

এই বিশেষ চাহ বিদক ক্ৰয় কৰিছে গুৱাহাটীৰ এক চাহ ব্যৱসায় বিষ্ণু চাহ কোম্পানীৰ দ্বাৰা। যাক তেওঁলোকে সমগ্ৰ বিশ্বতে বিক্ৰী কৰিব নিজা ডিজিটেল ই- কমাৰ্চ ৱেবচাইট 9amtea.com ৰ দ্বাৰা।

২০১৯চনত এই বিশেষ চাহ বিধ বিক্ৰী কৰা হৈছিল ৫০,০০০/- টকাৰ প্ৰতি কিলোৰ মূল্যত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com