প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত চন্দ্ৰযান ২ চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰিব অসমৰ ছাত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত চন্দ্ৰযান ২ চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰিব অসমৰ ছাত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত চন্দ্ৰযান ২ চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰিব অসমৰ ছাত্ৰীয়ে । যোৰহাট জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দেৱলীনা হাজৰিকাৰ জিলাখনৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰণ প্ৰধানমন্ত্ৰী মোডীৰ লগত একেলগে বহি চন্দ্ৰযান ২ চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰিব দেৱলীনা হাজৰিকাই। দেৱলীনাৰ লগতে আৰু ৬০ জন ছাত্ৰ ছাত্ৰীয়ে প্ৰধান মন্ত্ৰী মোডীৰ লগতে একেলগে বহি চন্দ্ৰপৃষ্ঠৰ দৃশ্য প্ৰত্যক্ষ কৰিব ।

ইফালে ইছৰোয়ে আয়োজন কৰা এক কুইজ প্ৰতিযোগিতাত দেৱলীনা হাজৰিকাই ১০ মিনিটত বহু কেইটা প্ৰশ্নৰ উত্তৰ দিছিল যাৰ কাৰণে দেৱলীনাই এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷আনহাতে ইছৰোয়ে সফল ভাৱে সম্পন্ন কৰিলে অৰ্বিটাৰৰ পৰা লেণ্ডাৰ বিক্ৰমক বিছিন্ন কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ পিছতে চন্দ্ৰৰ আৰু কাষ চাপিল চন্দ্ৰযান ২৷

চেপ্তেম্বৰৰ ২ তাৰিখে দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৪৫ বজাৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰে ISRO–এ। ISROৰ ফালৰ পৰা দিয়া তথ্য অনুসৰি, ১.১৫ বজাত লেণ্ডাৰ ‘বিক্ৰম’ বিচ্ছিন্ন হয় অৰ্বিটাৰৰ পৰা। এতিয়া ৭ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২৷

২০ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল চন্দ্ৰযান–২। লেণ্ডাৰ ‘বিক্ৰম’ অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। এয়া সফলভাৱে সম্পন্ন হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতৰ পূৰ্বে ৰাছিয়া, আমেৰিকা আৰু চীনে চন্দ্ৰলৈ গৈছে যদিও দক্ষিণ মেৰুত প্ৰৱেশ কৰিব পৰা নাছিল। লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছতে ‘প্ৰজ্ঞান’ নামৰ ৰ’ভাৰ বাহিৰলৈ ওলাব। ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত চলাব পৰীক্ষা–নিৰীক্ষা।

ইছৰ’য়ে ইতিহাস ৰচনা কৰি উৎক্ষেপন কৰিলে চন্দ্ৰযান-২।বাহুবলী “ৰ যোগেদি চন্দ্ৰযান-২ সফলতাৰে কক্ষপথত উৎক্ষেপন কৰে । প্ৰায় ১৬ মিনিটৰ পিছত যানখনে প্ৰথমে মহাকাশৰ আৰ্থ পাৰ্কিং কক্ষপথৰে প্ৰবেশ কৰে। অৰবিটাৰৰ ওজন ২,৩৭৯ কিলোগ্ৰাম। ইয়াৰ পৰা যানখনে কক্ষপথৰে চন্দ্ৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ডেৰ মাহৰ মূৰত চন্দ্ৰৰ কক্ষপথত উপস্থিত হৈ উপগ্ৰহটোৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰৰে পৰিভ্ৰমণ কৰিব। ৭ ছেপ্তেম্বৰত যানখনে চন্দ্ৰত অবতৰণ কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Medical Service Association & IMA staged 24 hr strike in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com