চৰকাৰী চাকৰিৰ বাবে অসমীয়া ভাষা অৱশ্যক : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চৰকাৰী চাকৰিৰ বাবে অসমীয়া ভাষা অৱশ্যক : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চৰকাৰী চাকৰিৰ বাবে অসমীয়া ভাষা অৱশ্যক : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰৱৰ্তী সময়ৰ অসম বিধানসভাৰ অধিবেশনত এখন আইন উত্থাপন হ'ব যাৰ দ্বাৰা বি টি এ ডি আৰু বৰাক উপত্যকাক এৰি সমগ্ৰ অসমত দশম শ্ৰেণীলৈ অসমীয়া বাধ্যতামূলক হ'ব ।

শনিবাৰে এক সংবাদ মেলত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , " পৰৱৰ্তী অসম বিধানসভাৰ অধিবেশনত আমি এখন আইন উত্থাপন কৰিম যাৰ দ্বাৰা বৰাক উপত্যকা আৰু বি টি এ ডি ক বাদ দি সমগ্ৰ অসমত দশম শ্ৰেণীলৈ অসমীয়া বাধ্যতামূলক হ'ব । ৰাজ্যৰ চৰকাৰী চাকৰি লাভৰ বাবে প্ৰাৰ্থীৰ দশম শ্ৰেণীলৈ অসমীয়া বিষয় থাকিব লাগিব। যদি এজন অসমীয়াই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈ অসমীয়া বিষয় নলয় তেতিয়াহলে উক্ত প্ৰাৰ্থীও ৰাজ্যৰ চৰকাৰী চাকৰিৰ বাবে অযোগ্য হ'ব । পৰৱৰ্তী সময়ত আমি ৰাজ্যৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিং কলেজ সমূহত নামভৰ্তিৰ ক্ষেত্ৰতো এই ব্যৱস্থা প্ৰয়োগ কৰা কৰিম " ।

আহিবলগীয়া ছয় মাহত বিভাগ সমূহে যি সমূহ আঁচনিৰ ওপৰত কাম কৰিব তাৰ ওপৰত শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , "ৰাজ্যত আমি বিভিন্ন আঁচনি প্ৰনয়ন কৰাৰ ক্ষেত্ৰত আমি ব্যস্ত থাকিম গতিকে পৰৱৰ্তী ছয় মাহত বিভাগৰ কোনো ধৰণৰ স্থানান্তৰ আৰু পোষ্টিং নহয় " । পৰৱৰ্তী সময়ত ৰাজ্যত যি সমূহ আচনি ৰূপায়ন কৰা হ'ব তাৰ ভিতৰত শিক্ষক সমাজৰ সমস্যা , নিয়মীয়াকৰণ, পদ প্ৰাদেশীকৰণ , বিদ্যালয় প্ৰাদেশীকৰণ, খালী পদ পূৰণ আদি বিভিন্ন সমস্যা । শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আচঁনিৰ অধীনত ৬০ লাখ ছাত্ৰ ছাত্ৰী আৰু ১ লাখ শিক্ষক শিক্ষয়িত্ৰী লাভৱান কৰাৰ বাবে প্ৰয়োজন হ'ব ৩,০০০ কোটি টকা।

এই বিষয়টোৰ ওপৰত শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষক শিক্ষয়িত্ৰী সকলক আহ্বান জনায় তেওঁলোকে যাতে দিছপুৰ আৰু কাহিলীপাৰালৈ নাহে যেতিয়ালৈকে চৰকাৰে তেওঁলোকক সম্বোধন নকৰে । যদি তেওঁলোকে কিবা জনাব বিচাৰে তেন্তে সেয়া অফিচিয়েল ৱেবছাইটত আপলোড কৰিব পাৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU launched hunger strike to stage protest against CAA 2019

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com