অসমীয়া দুৰ্বল নহয়, চৰকাৰক আমি ভুল প্ৰমাণিত কৰিম:সদৌ অসম ছাত্ৰ সন্থা

অসমীয়া দুৰ্বল নহয়, চৰকাৰক আমি ভুল প্ৰমাণিত কৰিম:সদৌ অসম ছাত্ৰ সন্থা

অসমীয়া দুৰ্বল নহয়, চৰকাৰক আমি ভুল প্ৰমাণিত কৰিম:সদৌ অসম ছাত্ৰ সন্থা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। অসমৰ জনসাধাৰণে গুৱাহাটী অৱস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত এক লগ হৈ চৰকাৰক কয় যে অসমৰ জনসাধৰণ যথেষ্ট খিনি শক্তিশালী। অসমীয়াৰ অস্তিত্ব, ভাষা ,সংস্কৃতিত ব্যাঘাত জন্মাব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জনসাধৰনে যুঁজিব । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে চৰকাৰক প্ৰমান কৰি দিব যে অসমীয়া দুৰ্বল নহয় ।

আছুৰ নেতৃত্বত প্ৰতিবাদ কাৰী সকলে আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে যেতিয়ালৈ নাগৰিকত্ব সংশোধনী আইন উঠাই নলয় । এই আইন খন ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে । সান্ধ্য আইনক নসাৎ কৰি বহু হেজাৰ প্ৰতিবাদ কাৰীয়ে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত পুৱাৰ ভাগত একত্ৰিত হয়।

এই প্ৰতিবাদী সমদলটোক সম্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ৰাজ্যৰ সকলো জনসাধৰণে একত্ৰিত হৈছে, আৰু এয়া আন্দোলন বহু দীঘলীয়াকৈ চলিব । কেন্দ্ৰই জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন কেতিয়াও অসমৰ মানুহে গ্ৰহন নকৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়েও এই আইনৰ ওপৰত অনুমতি প্ৰদান কৰাৰ পিছতো এই আইন মানি নলয় অসমে ।

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ জনসাধৰণে চৰকাৰক ভুল প্ৰমাণিত কৰি দিব যে অসমৰ মানুহ দুৰ্বল । চৰকাৰে আমাক দুৰ্বল বুলি ভাবিছে কিন্তু আমি দুৰ্বল নহয় বুলি কয় লুৰিণ জ্যোতি গগৈয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন কণ্ঠশিল্পী, কলা কুশলী উপস্থিত থাকে।অসমৰ শিল্পী সমাজে ১৫ ডিচেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গীত মাতৰ প্ৰতিবাদ কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com