ভোপালৰ ৰেল ষ্টেচনত এক ব্যতিক্ৰমী ছবি , প্ৰথম গৰাকী মহিলা কুলি লক্ষ্মী ,

ভোপালৰ ৰেল ষ্টেচনত এক ব্যতিক্ৰমী ছবি ,  প্ৰথম গৰাকী মহিলা কুলি লক্ষ্মী  ,

ভোপালৰ ৰেল ষ্টেচনত এক ব্যতিক্ৰমী ছবি , প্ৰথম গৰাকী মহিলা কুলি লক্ষ্মী ।গ্ৰাহকৰ ভিৰৰ মাজত ভোপাল ৰেল ষ্টেটচনত এগৰাকী মহিলা । যাৰ বয়স কমেও ৩০ বছৰ । ভোপালৰ ৰেল ষ্টেচনত এগৰাকী মহিলা কুলি । কুলি নম্বৰ ১৩ ৰ পোচাক পৰিধান কৰে মহিলা গৰাকীয়ে । ‌এই বছৰৰে জুলাই মাহত স্বামীৰ মৃত্যুৰ পাছত এই বৃত্তি বাছি লয় লক্ষ্মীয়ে ।

আঠ বছৰীয়া সন্তানৰ মাতৃ লক্ষ্মীয়ে কয় যে , নিজৰ স্বামীৰ মৃত্যুৰ পাছত তেওঁ স্বামী ৰ পদত কাম কৰিবৰ বাবে সিদ্ধান্ত লয় । লক্ষ্মীয়ে নিজৰ জীৱনৰ কঠিনতাক সন্মুখীন কৰাৰ লগতে নিজৰ সন্তানৰ ভাল ভৱিষ্যতৰ বাবে এই কাম কৰাৰ সিদ্ধান্ত লৈছে ।

লক্ষ্মীয়ে কয় যে , " মোৰ জীৱন ধাৰণ কৰাৰ বাবে আন কোনো উৎস নাছিল, মই মোৰ সন্তানৰ বাবে কাম কৰা অতি প্ৰয়োজনীয় আছিল । এই কামটোৰ দ্বাৰা মই প্ৰতিদিনে ৫০ ৰ পৰা ১০০ টকালৈ উপাৰ্জন কৰো " । লক্ষ্মীয়ে তেওঁৰ স্বামীৰ পৰিয়ালৰ মৃত্যুৰ পাছত বৰ্তমান নিজৰ সন্তানৰ লগত পিতৃ মাতৃৰ সতে আছে ।‌ লগতে লক্ষীয়ে কয় যে , কুলি ৰ চাকৰি তেওঁৰ শৰীৰৰ বাবে বহু কঠিন কিন্তু পঢ়া শুনা নকৰাৰ হেতুকে তেওঁ আন কাম কৰিব নোৱাৰে ।

ভোপালৰ প্ৰথম গৰাকী মহিলা কুলি লক্ষ্মীয়ে কয় যে , " হয় , এই কাম কঠিন কিন্তু মোৰ হাতত কোনো বেলেগ উপায় নাই । মোৰ সন্তানে যাতে পঢ়া শুনা সম্পূৰ্ণ কৰি জীৱনত ভাল কিবা কৰিব পাৰে তাৰ বাবে মই কিবা নহয় কিবা কৰিবই লাগিব । "

লগতে লক্ষ্মীয়ে কয় যে, " মই এটা স্হায়ী চাকৰি বিচাৰো, কিয়নো এই বৃত্তি ৰ পৰা সঠিক উপাৰ্জন নহয় আৰু কেতিয়াবা কোনোবা দিনত এটকাও উপাৰ্জন নহয় " ।লগতে লক্ষ্মীয়ে তেওঁৰ কামত সহায় কৰা আন কুলি যি সকলে গধূৰ বস্তু অনা নিয়াত সহায় কৰে সেই সকলৰ কথাও উল্লেখ কৰে ।

আন এজন কুলি মহেশ প্ৰজাতিয়ে কয় যে , " কেতিয়াবা যাত্ৰী সকলে বস্তু বাহিনী সমূহ বহুত গধূৰ বুলি কয়। তেতিয়া আমি যাত্ৰী সকলক লক্ষ্মীৰ পৰিস্থিতি সম্পৰ্কে কও আৰু তাৰ পাছত যাত্ৰী সকলে তেওঁক সহায় কৰিব দিয়ে । কেতিয়াবা কিছুমান বস্তু বাহিনী আমাৰ বাবেও গধূৰ হয় , যাৰ ফলত লক্ষ্মীয়ে ও সহায় কৰে আৰু তাৰ ওপৰত ভিত্তি কৰি উপাৰ্জনৰ অংশ ভাগ বতৰা কৰা হয় " ।

লগতে প্ৰজাতিয়ে কয় যে , " আমি চৰকাৰক লক্ষ্মীক গ্ৰূপ ডি ৰ চাকৰি দিয়াৰ বাবে আহ্বান জনায় । এই বিষয়ে আমি শাখা প্ৰধানলৈ ও পত্ৰ প্ৰেৰণ কৰিম " । বহুতো যাত্ৰী য়ে ষ্টেচনত মহিলা কুলি দেখি আচৰিত ও হয় । আন এক কৰ্মকৰ্তা ই কয় যে , " সমাজে যি ভাৱে ভাৱক , লক্ষ্মীয়ে এই কাম স্বাৱলম্বী আৰু নিজৰ সন্তানৰ বাবে কৰিছে । আমি সকলে লক্ষ্মীক সমৰ্থন কৰো । লক্ষ্মী সেই সকল লোকৰ বাবে এক উদাহৰণ হ'ব পাৰে যিয়ে স্বাৱলম্বী হব খোজে " ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com