এটা ক'লা অধ্যায়ৰ সমাপ্তি: নিয়তিয়ে যেন চৰম শাস্তি বিহিলে ক'লা ল'ৰা'ক !

এই গণ নিগ্ৰহৰ ঘটনাৰ মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে দুৰ্ঘটনাত মৃত্যু হয়।
এটা ক'লা অধ্যায়ৰ সমাপ্তি: নিয়তিয়ে যেন চৰম শাস্তি বিহিলে ক'লা ল'ৰা'ক !

দ্য এণ্ড – আজি পুৱাই বিয়পি পৰে ক'লা ল'ৰা ওৰফে নীৰজ দাসৰ মৃত্যুৰ খবৰ। ঘটনাটোক লৈ বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

যোৰহাটৰ গণ নিগ্ৰহৰ ঘটনাৰ মূল অভিযুক্ত 'ক'লা ল'ৰা' ওৰফে নীৰজ দাসে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে চিনামৰা খাৰিয়া চুকত এক গাড়ী দুৰ্ঘটনাত মৃত্যুবৰণ কৰে।

সূত্ৰ অনুসৰি নীৰজে  আৰক্ষীৰ চলন্ত জীপৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। তেওঁক সেই স্থানলৈ লৈ যোৱা হৈছিল য'ৰ পৰা তেওঁ তেওঁৰ অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। নিচাযুক্ত. সামগ্ৰী উদ্ধাৰৰ অজুহাতত তেওঁ তদন্তকাৰী বিষয়া (আই.ও.)-ক বিপথে পৰিচালিত কৰা দেখা গৈছিল।

যোৰহাটৰ অনিমেষ বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসে আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটে।

ড্ৰাগছৰ পৰা গুণ্ডাৰাজলৈ সকলোতে হাত দিছিল এই দুৰ্ধৰ্ষ অপৰাধীজনে। যোৰহাটৰ বাবে যেন এটা আতংকৰ নাম হৈ পৰিছিল নীৰজ দাস। তেওঁৰ বিৰুদ্ধে ৯০টাকৈ গোচৰ ৰুজু হৈ থকা বুলিও প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

যোৰহাটৰ নিৰ্মল চাৰিআলিত ২৯ নৱেম্বৰ, ২০২১ত এটা সৰু ঘটনাক কেন্দ্ৰ কৰি অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনক ঘুচিয়াই হত্যা কৰা মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসৰো অধ্যায় ৩০ নৱেম্বৰৰ নিশা অন্ত পৰিল।

প্ৰশ্ন উঠে আৰক্ষীৰ ভূমিকাক লৈ। ক'ত আছিল যোৰহাটৰ আৰক্ষী? যি হ'ল ভালেই হ'ল বুলি ৰাইজে কৈছে। কিন্তু এনেবোৰ ঘটনা পুনৰাবৃত্তি হৈ থাকিলে আইন-আদালতৰ বা কি দৰকাৰ সেয়াও ভাবিবলগীয়া ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com