চট পূজালৈ বুলি ওলাই আহি মৃত্যুমুখত পৰিল কৰিমগঞ্জৰ ৯ গৰাকী ব্যক্তি

৩গৰাকী শিশুকে ধৰি মুঠ ৯গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱায় এই দুৰ্ঘটনাত
চট পূজালৈ বুলি ওলাই আহি মৃত্যুমুখত পৰিল কৰিমগঞ্জৰ ৯ গৰাকী ব্যক্তি

এক শোকাবহ দূৰ্ঘটনা সংঘটিত হৈছে অসমৰ কৰিমগঞ্জ জিলাত। এখন অটোৰিক্সা আৰু এখন দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘটিত এক মুখামুখি সংঘৰ্ষত ৩ গৰাকী শিশুকে ধৰি মুঠ ৯গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱায়।

আজি পুৱা ৭-৩০ বজাত কৰিমগঞ্জ জিলাৰ অসম - ত্ৰিপুৰাৰ ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী অটোৰিক্সাক খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন চিমেণ্ট কঢ়িওৱা ট্ৰাকে।

এই ভয়াৱহ দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা  ব্যক্তিসকল হৈছে দুজা বাই পানিকা, চালু বাই পানিকা, গৌৰৱ দাস পানিকা, শম্ভু দাস পা, লালন গোস্বামী, পূজা গড়, দেৱ গড়, চনু ৰী, মাংলে কৰ্মকাৰ আৰু টুপু কৰ্মকাৰ।

জানিব পৰা মতে চট পূজাৰ নিয়মাৱলী পালন কৰি ঘৰ অভিমুখী হৈছিল মৃত ব্যক্তি কেইগৰাকী।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই দুৰ্ঘটনাৰ প্ৰতি নিজৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লিখিছে, "আজি পোৱাৰ ভাগত বাইটাখাল, পাথৰখান্দি অঞ্চলত সংঘটিত হোৱা দূৰ্ঘটনাত মৃত্যু ঘটা ৯গৰাকী ব্যক্তিলৈ সমবেদনা জ্ঞাপন কৰিছো। এগৰাকী আঘাতপ্ৰাপ্ত বৰ্তমান চিকিৎসাধীন হৈ আছে।

বৰ্তমান অসম আৰক্ষীয়ে নামি পৰিছে যাত্ৰীবাহী অটোৰিক্সা খনক খুন্দা মৰা ট্ৰাক খনৰ চালকগৰাকীক বিচৰাৰ অভিযানত।"

কিছু দিন পূৰ্বে এনে এক দুৰ্ঘটনা সংঘটিত হয় বেছিমাৰী, দালগাওঁ জিলাত। মঙ্গলদৈ অভিমুখী স্বিফট দিজায়াৰ এখনে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাত সংঘটিত হয় এই কাণ্ড। এই দূৰ্ঘটনাত মৃত্যু ঘটে শিশু সহ ৫গৰাকী অসমীয়া ইউটিউবাৰৰ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com