ক'ৰ'না মহামাৰীঃ গাড়ী নহয়, খোজেৰে বজাৰ কৰাৰ আহ্বান আৰক্ষীৰ

মহানগৰবাসীক অত্যাশ্যকীয় খাদ্য-বস্তু ক্ৰয়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে তলাবন্ধ কিছু শিথিল কৰি দিয়া হৈছে।
ক'ৰ'না মহামাৰীঃ গাড়ী নহয়, খোজেৰে বজাৰ কৰাৰ আহ্বান আৰক্ষীৰ

ক'ৰ'না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পুনৰ গুৱাহাটীত আৰোপ কৰা সম্পূৰ্ণ তলাবন্ধ সম্প্ৰতি কিছু শিথিল কৰি দিয়া হৈছে। মহানগৰবাসীক অত্যাশ্যকীয় খাদ্য-বস্তু ক্ৰয়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে তলাবন্ধ কিছু শিথিল কৰি দিছে ৰাজ্য চৰকাৰে।কিন্তু এই শিথিলতাৰ সুযোগ লৈ কোনো লোককে গাড়ী-মটৰ লৈ বজাৰ কৰিবলৈ নাহিবলৈ গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে আহ্বান জনাইছে। তাৰ পৰিৱৰ্তে খোজকাঢ়ি আহি ঘৰৰ ওচৰৰে দোকান-পোহাৰৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মহানগৰবাসীৰ প্ৰতি আহ্বান জনাইছে যান-বাহন আৰক্ষীয়ে। এই আহ্বান জনাই গুৱাহাটী যান-বাহন আৰক্ষীয়ে টুইটাৰত কয়, মহানগৰবাসীক খোজকাঢ়ি আহি ঘৰৰ ওচৰৰে দোকানৰ পৰা বয়বস্তু কিনিবলৈ আহ্বান জনোৱা হ'ল।কোনো লোকেই অনুগ্ৰহ কৰি গাড়ী লৈ ওলাই নাহিব"।  উল্লেখ্য যে গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ সংক্ৰমণ অব্যাহত আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com