অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই হিচাপে চিহ্নিত হ'ল বেল'না গাঁও

অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই হিচাপে চিহ্নিত হ'ল বেল'না গাঁও
Published on

অসমৰ সেউজীয়া আৰু স্বচ্ছ ঠাই ( clean and green village ) হিচাপে চিহ্নিত হ'ল বেল'না গাঁও । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটৰ জৰিয়তে অসমৰ বৰপেটা জিলাৰ বেল'না গাঁওক প্ৰশংসা কৰে । লগতে গাঁৱখনৰ লোক সকলে স্বচ্ছতাৰ ক্ষেত্ৰত লোৱা পদক্ষেপক প্ৰশংসা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে যে , " অতি উত্তম । স্বচ্ছতাৰ ক্ষেত্ৰত গাওখনে লোৱা পদক্ষেপ সচাকৈয়ে আশ্বৰ্যজনক । স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত যি সকলে কাম কৰিছে সেই সকললৈ সমবেদনা জ্ঞাপন কৰিলো " ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এক সম্প্ৰদায়ৰ লোকে একত্ৰিত হৈ খোজকাঢ়ি ৰাজপথলৈ ওলাই আহিছে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বেল'নাৰ জনসাধৰনে দেখাই দিলে যে কেনেদৰে প্লাষ্টিক প্ৰদূষণক মোকাবিলা কৰিব পাৰি ।

বৰপেটা জিলাৰ অন্তৰ্গত বেল'না গাঁও খনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে । স্বচ্ছতা অভিযানৰ অনুসৰন আৰু প্লাষ্টিক নিৰ্মূল কৰনক অনুসৰন কৰি বেল'না গাঁও খনে সেউজীয়া আৰু স্বচ্ছ গাঁৱৰ যোগ্যতা অৰ্জন কৰিলে ।

তাৰোপৰি বৰপেটা জিলাৰ অন্তৰ্গত বেল'না গাঁও খনত কোনো লোকে প্লাষ্টিক ব্যৱহাৰ কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com