মাথোঁ ১০মিনিট পলমঃ সাতশ কিঃমিঃ যাত্ৰা কৰিও নীট দিব নোৱাৰিলে এজন ছাত্ৰই

মাথোঁ ১০মিনিট পলমঃ সাতশ কিঃমিঃ যাত্ৰা কৰিও নীট দিব নোৱাৰিলে এজন ছাত্ৰই

মাথোঁ ১০মিনিট ! এই ১০মিনিট পলম হোৱাৰ বাবে আজি এজন ছাত্ৰই "নীট"-ত অৱতীৰ্ণ হ'ব নোৱাৰিলে ৷ এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বিহাৰৰ দ্বাৰভাংগাৰ এজন ছাত্ৰৰ ক্ষেত্ৰত ৷ প্ৰাপ্ত তথ্য অনুসৰি দ্বাৰভাংগাৰ সন্তোষ কুমাৰ যাদৱে কলকাতাৰ ছল্ট লেকত নীটত অৱতীৰ্ণ হ'বলৈ পৰীক্ষা আৰম্ভ হোৱাৰ ২৪ঘণ্টাৰ পূৰ্বেই যাত্ৰা কৰে ৷ ইয়াৰ বাবে তেওঁ ৭০০কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিবলগীয়া হয় ৷ কিন্তু মূৰকত তেওঁ ১০মিনিট পলমকৈ পৰীক্ষা গৃহত উপস্থিত হয় ৷

গতিকে তেওঁক কৰ্তৃপক্ষই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিদিলে ৷ পৰীক্ষা আৰম্ভ হয় আজি বিয়লি দুই বজাৰ পৰা। পাছত ছাত্ৰজনে কয় যে অনেক কাকূতি-মিনতি কৰা সত্বেও তেওঁক কৰ্তৃপক্ষই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান নকৰিলে ৷ নিয়মানুসৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা গৃহত বিয়লি ১-৩০বজাত উপস্থিত হ'ব লাগিছিল ৷ কিন্তু সন্তোষে ১-৪০বজাত পৰীক্ষা গৃহত উপস্থিত হয় ৷ এই ১০মিনিট পলম হোৱাৰ বাবে তেওঁক কৰ্তৃপক্ষই পৰীক্ষা দিবলৈ নিদিলে ৷ ইয়াৰ বাবে তেওঁৰ সমগ্ৰ লোকচান হ'ল বুলি ছাত্ৰজনে খেদ প্ৰকাশ কৰে ৷ তেওঁ কয় যে যান-যাত্ৰাৰ পলম হয় ৷ একমাত্ৰ ইয়াৰ বাবে তেওঁ মূল্য ভৰিবলগীয়া হয়৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com