বিজেপিৰ নিৰ্দেশত চলে নিৰ্বাচনী আয়োগ: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

বিজেপিৰ নিৰ্দেশত চলে নিৰ্বাচনী  আয়োগ: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
Published on: 

আজি নিৰ্বাচনী আয়োগক কঠোৰ সমালোচনা কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । বিজেপিয়ে নিৰ্বাচনী আয়োগক কিনি লৈছে বুলি সমালোচনা কৰে মমতা বেনাৰ্জীয়ে ।

মমতা বেনাৰ্জীৰ প্ৰকাশ কৰে যে তেওঁৰ আৰু কব লগীয়া একো নাই আৰু এইষাৰ কথা কোৱা বাবে যদি তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে তেওঁ সাঁজু আছে বুলি প্ৰকাশ কৰে। লগতে সত্য কথা কবলৈ তেওঁ ভয় নকৰে বুলি কয় মমতা বেনাৰ্জীয়ে ।

কলকাতাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোডশ্বত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত নিৰ্বাচনী আয়োগে পশ্চিম বংগত নিৰ্বাচনী সময় সীমা হ্ৰাস কৰি শুকুৰবাৰে ৬ বজাত অন্ত পৰিব লগা নিৰ্বাচনী প্ৰচাৰৰ পৰিবৰ্তে আজি ১০ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী আয়োগৰ এই সিদ্ধান্ত ঘোষণাৰ পাছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচনী আয়োগক সমালোচনা কৰে।

কলকাতাত অমিত শ্বাহৰ ৰোডশ্ব হিংসাত্মক ঘটনা সংঘটিত হৈছিল । আৰক্ষীৰে বিজেপি কৰ্মী- সমৰ্থকৰ হতাহতি ঘটনা সংঘটিত হৈছিল । কলকাতা বিশ্ববিদ্যালয়ৰ সমিপত বিজেপিৰ কৰ্মীৰ প্ৰহাৰক লৈ এক উত্তপ্ত পৰিষ্ঠিতিৰ সৃষ্টি হৈছিল ।

তৃণমূলৰ মুখ্যয়ে মথুৰাপুৰত সমৰ্থক সকলক কয় যে নিৰ্বাচনী আয়োগে নৰেন্দ্ৰ মোদীয়ে ৰেলীত অংশগ্ৰহণ কৰাৰ পিছত আমাক কোনো ৰেলীত অংশগ্ৰহণ কৰাটো নিবিছাৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com