কংগ্ৰেছী গগৈ-মাকেনৰ সৈতে তুমুল টুইটাৰ যুঁজ শীৰ্ষ বিজেপি নেতা ৰাম মাধৱৰ

বিজেপিয়ে ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত নিজৰ প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হয় ৷
কংগ্ৰেছী গগৈ-মাকেনৰ সৈতে তুমুল টুইটাৰ যুঁজ শীৰ্ষ বিজেপি নেতা ৰাম মাধৱৰ

বহুতৰে দৃষ্টি আকৰ্ষণ কৰি এক যুঁজত অৱতীৰ্ণ হৈছে অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, দলৰ জ্যেষ্ঠ নেতা আৰু উত্তৰ-পূবৰ দায়িত্বত থকা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ ৷ যুঁজখন চলিছে টুইটাৰত। যোৱা নিশাৰ পৰা তিনিওৰে মাজত টুইটাৰত তীব্ৰ যুঁজ চলিছে৷ মণিপুৰক কেন্দ্ৰ কৰি এই তিনি কংগ্ৰেছ আৰু বিজেপি নেতাৰ মাজত এই যুঁজ চলিছে ৷ উল্লেখ্য যে নজন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰে অস্থিৰতাৰ সৃষ্টি কৰিছে মণিপুৰৰ এন বীৰেন সিং নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰত ৷ ইয়াৰ সুযোগ লৈ কালি শুকুৰবাৰে সন্ধিয়া কংগ্ৰেছে ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে ৷ কিন্তু সকলোকে হতবাক কৰি বিজেপিয়ে ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত নিজৰ প্ৰাৰ্থী জয়ী কৰাবলৈ সক্ষম হয় ৷ মণিপুৰৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মহাৰাজা ছানাজোবা লেইছেইম্বাই জয়লাভ কৰে।

ইয়াৰ পাছতে বিজেপি নেতা ৰাম মাধৱে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা মাকেনক কটাক্ষ কৰি টুইট কৰে ৷ বিজেপি নেতাজনে লগতে অভিযোগ কৰে যে ক'ৱিড-১৯ প্ৰতিৰোধৰ বাবে আৰোপিত ল'ক-ডাউন বিধি উলংঘা কৰি সাংসদ গৌৰৱ আৰু মাকেনে মণিপুৰত উপস্থিত হৈ ৰাজ্যসভাৰ কংগ্ৰেছ প্ৰাৰ্থীজনৰ হৈ নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰে ৷  ইয়াৰ প্ৰত্যুত্তৰত গৌৰৱে টুইট কৰে যে শেষ মুহূৰ্তত বিজেপিয়ে কাৰচাজিৰে চাৰি বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বিজেপি প্ৰাৰ্থীজনে ২৮টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীজনক ২৪জন বিধায়কে ভোট দিয়ে ৷ ৰাম মাধৱক টুইটাৰত প্ৰত্যুত্তৰ দিয়াৰ পাছতে তৎপৰ হৈ উঠে আনজন কংগ্ৰেছ নেতা মাকেন ৷ মাধৱক প্ৰত্যুত্তৰ দি তেওঁ এটা টুইটত কয়, " কংগ্ৰেছে সদায় নীতি-নিয়মাৱলী মানি চলে ৷ আমি কৱিড-১৯নিয়ন্ত্ৰণৰ সকলো নীতি-নিয়ম মানি চলি অনুমতি সাপেক্ষে ইয়ালৈ (মণিপুৰ) আহিছো৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com