ক'ৰ'নাত আক্ৰান্ত হ'ল কৰ্মচাৰীঃ বন্ধ হ'ল বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্য়ালয়

পৰৱৰ্তী জাননী জাৰি নকৰালৈকে জিলাখনৰ উপায়ুক্ত কাৰ্যালয় বন্ধ থাকিব।
ক'ৰ'নাত আক্ৰান্ত হ'ল কৰ্মচাৰীঃ বন্ধ হ'ল বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্য়ালয়
Published on: 

এজন কৰ্মচাৰীৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছ ধৰা পৰাৰ পাছতে বন্ধ ঘোষিত হ'ল বঙাইগাঁৱৰ স্বয়ং উপায়ুক্ত কাৰ্যালয়ত। প্ৰাপ্ত তথ্য অনুসৰি কৰ্মচাৰীজনৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে উপায়ুক্ত কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে। পৰৱৰ্তী জাননী জাৰি নকৰালৈকে জিলাখনৰ উপায়ুক্ত কাৰ্যালয় বন্ধ থাকিব। সম্প্ৰতি উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ জিলা পৰিষদৰ কাৰ্যালয়ত আৰম্ভ হৈছে। উল্লেখ্য যে বিগত কিছুদিনত ক'ৰ'না ভাইৰাছবিৰোধী যুঁজত সন্মুখৰ শাৰীত থকা বহুসংখ্যক যুঁজাৰু এই মহামাৰীত আক্ৰান্ত হৈছে। কালি আৰু ১৩জন আৰক্ষীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ফলত ৰাজ্যত ক'ৰ'নাত আক্ৰান্ত সুৰক্ষাকৰ্মীৰ সংখ্যা ৪৪জনলৈ বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com