আন্তৰাষ্ট্ৰীয় বজাৰত চাহৰ চাহিদাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

আন্তৰাষ্ট্ৰীয় বজাৰত চাহৰ চাহিদাৰ সন্দৰ্ভত  প্ৰতিক্ৰিয়া মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

আন্তৰাষ্ট্ৰীয় বজাৰত চাহৰ চাহিদাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ৷ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বুধবাৰে চাহ উদ্যোগ কোম্পানীসমূহক উন্নত মানদণ্ডৰ গুণ সম্পন্ন চাহ উৎপাদন কৰিবলৈ আহ্বান কৰে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে আন্তৰাষ্ট্ৰীয় বজাৰত চাহৰ বিভিন্ন ধৰণৰ চাহিদা বৃদ্ধি হৈছে । গুণগতভাৱে অসমৰ চাহে আন্তৰাষ্ট্ৰীয় বজাৰত স্থান লাভৰ প্ৰতিযোগিতাত ক্ৰমাৎ অৱতীৰ্ণ হ’ব নোৱাৰা হৈছে ৷ গতিকে অসমৰ চাহ কেনেদেৰে উন্নত কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা অব্যাহত আছে ৷

বুধবাৰে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত চাহ উদ্যোগৰ বিভিন্ন অগ্ৰনী সংস্থা আৰু মালিক পক্ষৰ বিভিন্ন সংগঠনৰ লগত হোৱা আলোচনাৰ অন্তত পাটোৱাৰীয়ে কয় যে আই আই টী আৰু আই আই এমৰ দৰে প্ৰতিষ্ঠিত সংস্থাসমূহে ইয়াৰ অধ্যয়ন কৰিব ৷এই অধ্যয়নে চাহৰ সমগ্ৰ সমস্যা আৰু দৃশ্যক পৰিৱৰ্তন কৰিব ৷

অধ্যয়নৰ মুখ্য উদ্দেশ্য হৈছে চাহ উদ্যোগৰ কাৰণে এখন ৰেডমেপ তৈয়াৰ কৰা ৷ চাহ উদ্যোগ আৰু চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে মুখ্য মন্ত্ৰীয়ে এখন কমিটীও গঠন কৰি দিছে ৷এই বিষয়ে ৰাজ্য চৰকাৰে ইতিবাচক চিন্তা চৰ্চা কৰিব। ইফালে চাহ সন্দৰ্ভত হোৱা আলোচনাত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী,নৰ্থ ইষ্ট টী এছ’চিয়েশ্বনৰ পৰামৰ্শদাতা বিদ্যানন্দ বৰকাকতি,টে এছ’চিয়েশ্বন অৱ ইণ্ডিয়াৰ সভাপতি সুদিত কুমাৰ,আছাম টী প্লেন্টাৰ্ছ এছ’চিয়েশ্বনৰ ড° নাজৰানা আহমেদ,অল আছাম স্মল টী গ্ৰ’ৱাৰ্চ এছ’চিয়েশ্বনৰ সভাপতি ৰাজেন বৰা উপস্থিত আছিল।

মঙলবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত কনছালটেটিভ কমিটী অৱ প্লান্টেশ্বন এছ’চিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্বনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে অসমৰ চাহ উদ্যোগলৈ নামি অহা সংকটৰ কাৰণে বোনাছ আইন অনুসৰি চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বোনাছ দিব পাৰে।

কাৰণ চাহ উদ্যোগলৈ নামি অহা ভয়াৱহ সংকটৰ কাৰণে চাহ শ্ৰমিক ২০ শতাংশ বোনাছৰ পৰা বঞ্চিত হ’ব ।ইফালে কনছালটেটিভ কমিটী অৱ প্লান্টেশ্বন এছ’চিয়েশ্বনে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বানিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ত এই সন্দৰ্ভত অনতি পলমে হস্তক্ষেপ বিছাৰিছে ৷এছ’চিয়েশ্বনে কয় যে চাহৰ কাৰণে নূন্যতম বেঞ্চমাৰ্কৰ এটি মূল্য ৰ প্ৰয়োজন ৷ কাৰণ ভাৰতীয় চাহ উৎপাদনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদান ৫০ শতাংশৰ ওচৰা – ওচৰি ৷

লগতে চাহ উৎপাদনৰ কাৰণে এটি বিত্তীয় সহায়তাৰ প্ৰয়োজন ৷আনহাতে অসমৰ আঠশখন চাহ বাগিচাত প্ৰয়োজন প্ৰায় আঠশ টা এ টি এম ৷চাহ বাগিচাৰ অঞ্চলৰ চিকিৎসালয় আৰু বিদ্যালয়সমূহ চৰকাৰে শীঘ্ৰে অধিগ্ৰহণ কৰিব লাগে ৷ভাৰতৰ চাহ উদ্যোগত ১.২ নিযুত লোক পোনপটীয়াকৈ জড়িত হৈ আছে ৷ লগতে মুঠ শ্ৰমিকৰ পঞ্চাশ শতাংশ মহিলা ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged anomalies in allotment of houses under PMAY scheme in Mangaldoi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com