কামাখ্যা ধামত গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী  শৰ্মাৰ

কামাখ্যা ধামত গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ উদ্ধোধন মুখ্যমন্ত্ৰী শৰ্মাৰ

এই গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ মন্দিৰ সমিতিয়ে নিজা পুঁজিৰ পৰা এক কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে।
Published on

গুৱাহাটীৰ কামাখ্যা মন্দিৰ সমিতিয়ে নিজা পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ৷ এই গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰই মন্দিৰ চৌহদ নিকা কৰি ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে ৷ কামাখ্যা মন্দিৰৰ এই গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ মন্দিৰ সমিতিয়ে নিজা পুঁজিৰ পৰা এক কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে। এই সংসাধন ক্ষেত্ৰত মন্দিৰৰ মা কামাখ্যাৰ চৰণত দিয়া ফুলৰ পৰা ধূপ কাঠি তৈয়াৰ কৰা হব। ক্ষেত্ৰধন মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, " মন্দিৰ সমিতিয়ে নিজা পুঁজিৰ পৰা এক কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই গোটা আৱৰ্জনা সংসাধন ক্ষেত্ৰ মুকলি কৰিবলৈ পোৱাৰ বাবে মই মন্দিৰ সমিতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই ক্ষেত্ৰই মন্দিৰ চৌহদ নিকা কৰি ৰখাত সহায় কৰিব।'

মুখ্যমন্ত্ৰীয়ে লগতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত শংকৰাচাৰ্যৰ সমাধিস্থল মুকলি কৰাৰ কথাও উল্লেখ কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com