২০২১ৰ নিৰ্বাচনঃ বিৰোধীৰ মহাজোঁট বন্ধনৰ পোষকতা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে তেওঁ বিৰোধীৰ মহাজোঁট বন্ধনৰ সম্পূৰ্ণ পোষকতা কৰে।
২০২১ৰ নিৰ্বাচনঃ বিৰোধীৰ মহাজোঁট বন্ধনৰ পোষকতা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ
Published on

আগন্তক ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপিক উত্খাতৰ উদ্দেশ্যে বিৰোধীৰ মহাজোঁট গঠনৰ পোষকতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।আজি দ্য ছেণ্টিনেল ডিজিটেলৰ সৈতে এক আছুতীয়া বাৰ্তালাপত গগৈয়ে কয় যে বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে তেওঁ বিৰোধীৰ মহাজোঁট বন্ধনৰ সম্পূৰ্ণ পোষকতা কৰে। আগন্তক বিধানসভা নিৰ্বাচনত নাগৰিকত্ব(সংশোধনী)বিধেয়ক বিৰোধী সকলো দল বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাটোকামনা কৰে বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়," মই নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী সকলো দল ঐক্যবদ্ধ হোৱাটো বিচাৰো।এইক্ষেত্ৰত অগপ, চি পি আই, চি পি আই(এম) বুলি কোনো কথা নাই। এ আই ইউ ডি এফো আগবাঢ়ি আহিব পাৰে। মুঠতে বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি ক্ষমতাচ্যুত হব লাগে"।

গগৈয়ে অভিযোগ কৰে যে বিজেপিয়ে কোনো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰিব পৰা নাই। বিজেপি সকলো ক্ষেত্ৰতে ব্যৰ্থ বুলি মন্তব্য কৰি প্ৰবীণ কংগ্ৰেছ নেতাজনে পুনৰ কয় যে তেওঁলোক আৰ্থিক ক্ষেত্ৰত ব্যৰ্থ হৈছে। সামাজিক সম্প্ৰীতি ধৰি ৰখাতো বিজেপি ব্যৰ্থ বুলি গগৈয়ে অভিযোগ কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com