প্ৰসংগ:নদীবান্ধ: ৰাজ্যৰ নদীবান্ধৰ দায়িত্বত ঠিকাদাৰ

প্ৰসংগ:নদীবান্ধ: ৰাজ্যৰ নদীবান্ধৰ দায়িত্বত ঠিকাদাৰ

প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ দৰে ৰাজ্যৰ জল সম্পদ বিভাগে তিনি বছৰৰ কাৰণে নদী বান্ধৰ দায়িত্ব ঠিকাদাৰক অৰ্পণ কৰিব। নদী বান্ধসমূহ নিম্ন মান দণ্ডৰে নিৰ্মাণ হোৱাৰ কাৰণে তদন্ত তথা চোৱা চিতাৰ আৱশ্যক। এই সময়খিনিত ঠিকাদাৰ সকলৰ ১০ শতাংশ বিল পৃথককৈ ৰখা হ’ব আৰু তিনি বছৰৰ পিছত সেই ১০ শতাংশ দিয়া হ’ব ৷

ইফালে অসমত ৪,৪৮৬ কিলোমিটাৰ নদীৰ দূৰত্বৰ লগতে ৪৪৯ টা নদীবান্ধ আছে। ইয়াৰে ৯৫০ কিলোমিটাৰ নদীবান্ধ বহু সীমিত মানদণ্ডৰ ।জল সম্পদ বিভাগৰ এক বিশেষ সূত্ৰৰ মত অনুসৰি আমি নদীবান্ধ নিৰ্মাণ সমগ্ৰ শৈলী পৰিৱৰ্তন কৰিবলৈ গৈ আছো। নদীবান্ধ সমূহৰ নিৰ্মাণ বিকল্প পথৰ দৰে কৰা হ’ব ৷ এটি পথ নিৰ্মাণ কৰোতে যেনেধৰণে যাৱতীয় কাম কৰা হয় তেনেধৰণে কাম সমূহ কৰা হ’ব ৷পথ নিৰ্মাণৰ দৰে তাত ৰোলাৰ চলোৱা হ’ব যাতে বাহন সমূহ অহাযোৱা কৰিব পাৰে । আৰু নদী বান্ধ সমূহ দীৰ্ঘ সময় ধৰি শক্তিশালী হৈ থাকে ।

লগতে জন সম্পদ বিভাগৰ বিশেষ সূত্ৰই কয় যে ৰাজ্যৰ প্ৰায় ৪০ শতাংশ অঞ্চল বান বিধ্বস্ত। এই অঞ্চল সমূহ শিক্ষা দীক্ষা,অৰ্থনৈতিক,কৃষি আদি সকলো ক্ষেত্ৰতে পিছ পৰি যায় ৷ জল সম্পদ বিভাগ ডিব্ৰগড়,পলাশবাৰী, লক্ষীমপুৰ,লাহৰীঘাট আৰু বাঘবৰ নামৰ ঠাইসমূহ সংবেদশীল নদীবান্ধ হিছাপে চিনাক্ত কৰিছে ৷ বানৰ তীব্ৰ সোঁতে নদী বান্ধসমূহ ভাঙি দিয়ে ৷গতিকে যিকোনো সময়ত আমি সেই নদী বান্ধসমূহৰ মেৰামতি কৰিব নোৱাৰো। গতিকে আমি এতিয়া নদীবান্ধ নিমাৰ্ণ তিনি বছৰলৈকে ইয়াক ৰক্ষণা বেক্ষণৰ কাৰণে ঠিকাদাৰ সকলক দায়িত্ব অৰ্পণ কৰা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Mahila Samiti stage Protest Rally in Bongaigaon | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com