ত্ৰিপুৰাৰ দৰে অসমতো বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা

পৰে। ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪৫লৈ বৃদ্ধি পাইছে।
ত্ৰিপুৰাৰ দৰে অসমতো বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা
Published on

কালি কাচাৰৰ এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ফলত ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৫লৈ বৃদ্ধি পাইছে। যোৱা নিশা এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, মাথোঁ চাৰিদিনৰ ভিতৰতে ত্ৰিপুৰাত কমেও ৪০ টা নতুন ক'ৱিড পজিটিভ ঘটনা ধৰা পৰিছে। নতুনকৈ ১৩ জন সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱান ক'ৱিড-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতেই বুধবাৰে ত্ৰিপুৰাত ক'ৰ'না আক্ৰান্তৰ সংখ্যা হয়গৈ ৪০ জন। গোটেইকেইটা পজিটিভ ঘটনা বি এছ এফ, তেওঁলোকৰ পৰিয়াল , আৰু মেছ কৰ্মীৰ লগত জড়িত । বিগত ৪ দিনত অহা নতুন ঘটনা কেইটা ১৩৮ বেটেলিয়ান বি এছ এফ ধালাই জিলাৰ । ২ মে'ত দুজন‌ জোৱানৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই আন ১২ জনৰ দেহতো পোৱা যায় ক'ৰ'না ভাইৰাছৰ অৱস্থিতি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com