অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৬৪লৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

আৰু দুজন ক’ৰ’না পজিটিভ চিনাক্ত কৰা হৈছে ৷ ইয়াৰে এজন মৰিগাঁৱৰ আৰু আনজন গুৱাহাটীৰ ৷
অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৬৪লৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ৬৪লৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

ক্ৰমাৎ অসমতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ আজি সোমবাৰে পুনৰ দুজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা ৬৪জনলৈ বৃদ্ধি পায় ৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিিশ্ব শৰ্মাই এটা টুইটত কয়, " আৰু দুজন ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে ৷ ইয়াৰে এজন মৰিগাঁৱৰ আৰু আনজন গুৱাহাটীৰ ৷ ফলত অসমত সম্প্ৰতি ক'ৱিড আক্ৰান্তৰ সংখ্যা ৬৪জন হৈছে ৷" ইপিনে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে ৷ এই পৰিদৰ্শন কালত তেওঁ বাহিৰত আবদ্ধ লোকসকল অসমলৈ আহিবলৈ ধৰিলে ৰাজ্যৰ পৰিস্থিতি চম্ভালাটো প্ৰত্যাহ্বানজনক হ'ব বুলি আশংকা কৰে ৷ জে এম চি এইচ পৰিদৰ্শনৰ সময়ত তেওঁৰ স্বাস্থ্য বিভাগৰ ৰাজ্য মন্ত্ৰী পীযুষ হাজৰিকাও আছিল ৷

আনহাতে, শেহতীয়া তথ্য অনুসৰি দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ৬৭হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। অনুৰূপধৰণে বৃদ্ধি পাইছে মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ শৰীৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com