ডিমাপুৰত নগালেণ্ডৰ প্ৰথমজন ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ব্যক্তিজন আন জটিলতাতো আক্ৰান্ত আছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে
ডিমাপুৰত নগালেণ্ডৰ প্ৰথমজন ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মৃত্যু
Published on: 

নগালেণ্ডৰ ডিমাপুৰত আজি এজন ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা ব্যক্তিজনৰ মৃত্যু হয়। উল্লেখ্য যে এই ব্যক্তিজনেই হৈছে ক'ৰ'না মহামাৰীত মৃত্যু হোৱা ৰাজ্যখনৰ প্ৰথমজন ব্যক্তি।ব্যক্তিজন আন জটিলতাতো আক্ৰান্ত আছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁ হৃদৰোগতো আক্ৰান্ত আছিল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ব্যক্তিজনৰ আজি পুৱা ৬-৩০বজাত মৃত্যু হয়। আনহাতে, আজি সমগ্ৰ দেশত নতুন ৪৯ হেজাৰ ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। তদুপৰি আজি সমগ্ৰ দেশত ৭৪০ জন ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com