অনা-ক'ৰ'না ৰোগীক চিকিৎসা নকৰা হাস্পতালৰ বিৰুদ্ধে দেবব্ৰত শইকীয়াৰ গোচৰ

শইকীয়াৰ আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে অহা ১৯ অক্টোবৰৰ দিনটো আবেদনখনৰ শুনানীৰ বাবে ঠাৱৰ কৰিছে ৷
অনা-ক'ৰ'না ৰোগীক চিকিৎসা নকৰা হাস্পতালৰ বিৰুদ্ধে দেবব্ৰত শইকীয়াৰ গোচৰ

ক'ৰ'না নিগেটিভৰ প্ৰমাণপত্ৰ দাখিল নকৰা ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা চিকিৎসালয়সমূহৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া ৷ প্ৰাপ্ত তথ্য অনুসৰি বিৰোধী দলপতি শইকীয়াই এনে আচৰণ কৰা চিকিৎসালয়সমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে ৷ শইকীয়াৰ আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে অহা ১৯ অক্টোবৰৰ দিনটো আবেদনখনৰ শুনানীৰ বাবে ঠাৱৰ কৰিছে ৷

শইকীয়াই অভিযোগ কৰিছে যে ক'ৱিড নিগেটিভ প্ৰমাণপত্ৰ দাখিল নকৰা বহু সংকটজনক ৰোগী চিকিৎসাৰ পৰা বঞ্চিত হ'বলগা হৈছে। এনে কাৰণত দুৰ্ঘটনাত পতিত বহুজনৰ মৃত্যু হৈছে ৷ গৰ্ভৱতী মহিলা, হৃদৰোগী আদিকো ক'ৱিড নিগেটিভৰ প্ৰমাণপত্ৰ দাখিল নকৰাৰ বাবে বিভিন্ন চিকিৎসালয়ে ভৰ্তি কৰিবলৈ অমান্তি হৈছে বুলিও বিৰোধী দলপতিজনে অভিযোগ কৰিছে।

শইকীয়াই কয় যে যোৱা ২৮এপ্ৰিলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনা অনুসৰি কেম'থেৰাপী, ডায়েলাইছিছ আদিৰ চিকিৎসা প্ৰদানত চিকিৎসালয়সমূহে কোনো ৰোগীকে বিমুখ কৰিব নোৱাৰিব ৷ লক্ষ্যণীয় যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মতে, ক'ৱিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত স্বাস্থ্যখণ্ডৰ ওপৰত অতিৰিক্ত হেঁচা পৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com