দীপিকা-কৰিশ্মাৰ আলোচনাৰ "মাল" কি আছিল !

দীপিকাই কৰিশ্মাক “মাল" আৰু “হাশ্ব” যোগাৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷
দীপিকা-কৰিশ্মাৰ আলোচনাৰ "মাল" কি আছিল !

দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে মোহময়ী অভিনেত্ৰী দীপিকা পাড়ুকনক নাৰ্ক'টিকছ কন্ট্ৰ'ল ব্যুৰ'ৱে কৰা জেৰাই। আজি পুৱা ১০বজাৰ পৰা অভিনেত্ৰীগৰাকীক নাৰ্ক'টিকছ কন্ট্ৰ'ল ব্যুৰৱে জেৰা কৰে ৷ তেওঁৰ লগতে বলিউডৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খানকো জেৰাৰ বাবে এন চি বিয়ে তলব কৰিছে ৷ এনে সময়তে দীপিকা আৰু তেওঁৰ মেনেজাৰ কৰিশ্মাই কৰা এক চাটৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি দুয়োৰে মাজত এই বাৰ্তালাপ বা চাট ২০১৭ৰ অক্টোবৰত হৈছিল ৷ বাৰ্তালাপত দুয়ো "মাল" আৰু "হাশ্ব" শব্দ দুটা উচ্চাৰণ কৰিছিল ৷ দীপিকাই কৰিশ্মাক "মাল" আৰু "হাশ্ব" যোগাৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷

উল্লেখ্য যে দীপিকাৰ KWAN নামৰ এটা গ্ৰুপ আছে ৷ এই গ্ৰুপৰ এডমিন হৈছে স্বয়ং দীপিকা ৷ এই গ্ৰুপৰ জৰিয়তে হোৱা চাটত দীপিকাই তেওঁৰ মেনেজাৰগৰাকীক "মাল" আৰু "হাশ্ব" যোগান ধৰিবলৈ নিৰ্দেশ দিছিল ৷ ইতিমধ্যে এন চি বিয়ে ড্ৰাগছ যোগান সম্পৰ্কীয় গোচৰত দীপিকাৰ মেনেজাৰ কৰিশ্মাক জেৰা কৰিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com