দিল্লীত অড ইবন নিয়ম: দুচকীয়া বাহনৰ পৰা হয় অত্যাধিক প্ৰদূষণ

দিল্লীত অড ইবন নিয়ম: দুচকীয়া বাহনৰ পৰা হয় অত্যাধিক প্ৰদূষণ

দিল্লীৰ জনসাধাৰণক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ জাৰি কৰিছিল অড ইবন নিয়মৰ। কিন্তু শেহতীয়াকৈ দ্য এনাৰ্জি এণ্ড ৰিচাৰ্জ ইণ্ডিয়াই দাবী কৰা অনুসৰি চাৰি চকীয়া বাহনৰ ক্ষেত্ৰত নিয়ম জাৰী কৰি কোনো লাভ ন’হব ৷ দ্য এনাৰ্জি এণ্ড ৰিচাৰ্জৰ অনুসৰি সকলোতকৈ অধিক প্ৰদূষণ দুচকীয়া বাহনৰ পৰা সংঘটিত হয়।

যদি আমি প্ৰদূষণৰ বিপৰীতে সজাগ হ’ব লাগে তেন্তে সকলো গাড়ীৰ ক্ষেত্ৰত অড ইবনৰ নিয়ম জাৰি কৰিব লাগিব। আমি ভোট বেংকৰ ৰাজনীতিৰ পৰা বাহিৰত আহি কথাবোৰ ভাবিব লাগিব ৷ দ্য এনাৰ্জি এণ্ড ৰিচাৰ্জৰ অনুসৰি দিল্লীত ২৫ শতাংশ প্ৰদূষণ দুচকীয়া বাহন সমূহৰ কাৰণে হয় ৷চাৰি চকীয়া বাহনসমূহৰ পৰা কেৱল ১২ শতাংশ প্ৰদূষণ হয়।

ইয়াৰ বিপৰীতে বাছৰ পৰা ৯ শতাংশ,অ’টোৰ পৰা ১৮ শতাংশ,ট্ৰাকৰ পৰা ২৯ শতাংশ,টেক্টৰৰ পৰা ৫ শতাংশ প্ৰদূষণ হয়। কিন্তু দুচকীয়া বাহনৰ পৰা প্ৰায় ৪০ শতাংশ প্ৰদূষণ হয়। গতিকে চাৰি চকীয়া গাড়ীত অড ইবন নিয়ম জাৰি কৰি কোনো লাভ নাই। উল্লেখ্য যে দিল্লীত অড ইবন নিয়মক উলংঘা কৰিলে জৰিমনা পৰিশোধ কৰিব লাগিব উলংঘাকাৰীৰ ।

এই অড ইবন নিয়মৰ দিন ৪ ৰ পৰা ১৫ নৱেম্বৰলৈ ধাৰ্য্য কৰা হৈছে । অড ইবন সুকলমে পৰিচালনা কৰিবলৈ পুৱাৰে পৰা দিল্লী ট্ৰেফিক পুলিচে পহৰা দিয়ে । তাৰোপৰি কোনোবাই যদি এই আইন খন মানি নচলে তেন্তে লোক জনে ৪০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

ইফালে অড ইবন দিল্লীত আজিৰে পৰা অৰ্থাৎ ৪ নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে । এই নিয়মৰ অধীনত দিল্লীৰ ৰাজপথত কেৱল ২,৪,৬,৮,০ গাড়ীহে চলাব পাৰিব ।নতুন যান‌ বাহন আইনৰ অধীনত অড ইবন নিয়ম উলংঘন কৰাৰ ক্ষেত্ৰত ৪০০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে । তাৰোপৰি কোনো লোকে জৰিমনা ভৰাৰ পিছতো আইন উলংঘন কৰে তেন্তে তেওঁ আকৌ জৰিমনা ভৰিব লাগিব । অৱশ্যে জৰিমনা লোৱাৰ পাছত লোকজনক বাহন খন ওভতাই দিয়া হ'ব ।

অৱশ্যে জৰুৰীকালীন বাহনবোৰে এই নিয়ম মানি চলাৰ পৰা ৰেহাই পাব । তাৰোপৰি দিল্লী আৰক্ষীৰ বাহন বোৰো এই আইনৰ বাহিৰত আছে । লগতে স্কুলৰ বাহন অথবা যদি কোনো বাহনত স্কুলৰ পোচাক পিন্ধা ছাত্ৰ ছাত্ৰী দেখা যায় তেন্তে সেই পুৰুষ অথবা মহিলা গৰাকীকো এই নিয়মৰ পৰা ৰেহাই দিয়া হব । দিল্লীৰ পৰিবহন মন্ত্ৰী কৈলাশ গহলোতে বিদ্যালয়ৰ সময় পুৱা ৭ বজাৰ পৰা ৭.৩০ বজালৈ ধাৰ্য কৰিছে । লগতে বিদ্যালয়লৈ যোৱা বাহন সমূহ ৮ বজাৰ ভিতৰত উভতি আহিবলৈ নিৰ্দেশ জাৰি কৰিছে । কিয়নো এই নিয়ম ৮ বজাৰ পৰা প্ৰযোজ্য হয় ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com