বাঘজানৰ তৈল খাদত অগ্নিকাণ্ডৰ ঘটনাঃ পৰিস্থিতি বুজ ল'লে পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে

মন্ত্ৰীজনে অঞ্চলটোৰ স্থানীয় লোকৰ স্বাস্থ্য আৰু সম্পত্তিৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷
বাঘজানৰ তৈল খাদত অগ্নিকাণ্ডৰ ঘটনাঃ পৰিস্থিতি বুজ ল'লে পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে

বাঘজানৰ তৈল খাদত অগ্নিকাণ্ডৰ ঘটনাঃ পৰিস্থিতি বুজ ল'লে পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে

অইল লিমিটেডৰ তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত অলপতে সংঘটিত অগ্নিকাণ্ডৰ ঘটনা আৰু তাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'লে পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ আজি পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে ঘটনা সম্পৰ্কে অইল ইণ্ডিয়া আৰু অ' এন জি চিৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় ৷ ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে অঞ্চলটোৰ স্থানীয় লোকৰ স্বাস্থ্য আৰু সম্পত্তিৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে এই অগ্নিকাণ্ডৰ সময়ত আৰু তাৰ পাছত তৈল খাদটোৰ পৰা প্ৰচুৰ পৰিমাণে গেছ নিৰ্গত হয় ৷ দপদপাই খাদটোত জুই জ্বলিবলৈ ধৰাৰ সময়তে স্থানীয় লোকক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। আজি আলোচনাৰ সময়ত পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে অ' এন জি চিক এই সংকটৰ সময়ত অইল ইণ্ডিয়াক সহায় আগবঢ়াবলৈও পৰামৰ্শ দিয়ে ৷ আনহাতে, বাগজান তৈল ক্ষেত্ৰৰ এই অগ্নিকাণ্ডক লৈ তৎপৰ হৈছে অসম চৰকাৰ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টোক লৈ পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানৰ সৈতে আলোচনাতো মিলিত হৈছে ৷ এই আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ দুৰ্যোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলৈ পেট্ৰ'লিয়াম মন্ত্ৰীক অনুৰোধ জনায় ৷ পাছত সোণোৱালে টুইটাৰত কয় যে পেট্ৰ'লিয়াম মন্ত্ৰীৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস লাভ কৰিলে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com