দিছপুৰৰ এক বিশেষ সিদ্ধান্ত: ছাত্ৰ ছাত্ৰীক শিকাব জাপানী ভাষা

দিছপুৰৰ এক বিশেষ সিদ্ধান্ত: ছাত্ৰ ছাত্ৰীক শিকাব জাপানী ভাষা

দিছপুৰৰ এক বিশেষ সিদ্ধান্ত ৷ ছাত্ৰ ছাত্ৰীক শিকাব জাপানী ভাষা৷ জেট্ৰ অৰ্থাৎ জাপান এক্সটাৰ্নেল ট্ৰেড অৰ্গেনাইজেশ্যন এটা কোম্পানী,যিয়ে জাপানৰ ১৫০ কোম্পানীক নেতৃত্ব দি আছে ৷ ৰাজস্থানত ইতিমধ্যে এটা জেট্ৰ চিটী নিৰ্মাণ কৰা হৈছে ৷ দিছপুৰে ছাত্ৰ ছাত্ৰীসকল জাপানী ভাষা শিকোৱাৰ লগতে ২০০০ বিঘা ভূমি প্ৰদান কৰিব ৷

সোমবাৰে এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যৰ উদ্যোগ,বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে নতুন দিল্লীত বুধবাৰে অৰ্থাৎ ১৯ জুনত ১৫০ টা জাপানীজ কোম্পানীৰ সৈতে আলোচনা কৰা হ’ব ৷যদি সকলো পদক্ষেপ আঁচনি অনুসৰি হয় তেন্তে কামৰূপ জিলাৰ নগৰবেৰাত প্ৰায় ২০০০ বিঘা মাটি দিয়া হ’ব ৷ জেট্ৰ কোম্পানীয়ে সম্প্ৰতি বাংলাদেশত হুণ্ডাই গাড়ী নিৰ্মাণ কৰি আছে ৷এতিয়া তেওঁলোকে নগাবেৰাত এই যন্ত্ৰাংশ নিৰ্মাণ কৰিব ৷

জেট্ৰ অসমত গাড়ী নিৰ্মাণ কেন্দ্ৰ গঢ়িবলৈ মন কৰিছে ৷ অৱশ্যে আমি মাটি বিনামূলীয়াকৈ প্ৰদান নকৰোঁ ৷যদি আঁচনিখন সফল হয় তেতিয়া সকলো ফালৰ পৰা বিকাশ হ’ব ৷ ৰাজস্থানত জেট্ৰ চিটীত ৩,৫০০ কোটি টকা বিনিয়োগ হৈছে ৷ ইফালে জেট্ৰ হৈছে চৰকাৰৰ লগতে সম্বন্ধিত এটা সংগঠন ৷ জেট্ৰই জাপান আৰু বিশ্বৰ ব্যৱসায়ক অগ্ৰাধিকাৰ দিবলৈ পদক্ষেপ হাতত লয়। এই সংগঠনটো স্থাপন কৰা হৈছিল ১৯৫৮ চনত ৷

উল্লেখ্য যে এই প্ৰকল্পৰ কাৰণে বহু জাপানীজ ভাষা জনা যুৱক যুৱতী প্ৰয়োজন হ’ব ৷মঙলদৈত ইতিমধ্যে ৯০০ কোটি টকা ব্যয় সাপেক্ষে স্কীল চিটী স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইয়াৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ বৰ্তমান অসমত ৫৯৭ টা দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে ৷ এই ক্ষেত্ৰত প্ৰশিক্ষণ লৈ থকাসকলৰ ৮০ শতাংশক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চুক্তিবদ্ধ হৈছে প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানসমূহে ৷ ৰাজ্যৰ ৫৯৭ টা দক্ষতা বিকাশ কেন্দ্ৰত ৪৯,৭৮৭ গৰাকী শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে ।

পৰিবহন মন্ত্ৰী গৰাকী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ জল পথৰ বিশাল সম্ভাৱনাক অধিক সুচল কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে যাত্ৰীসকলৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া উচিত ৷ তথা নাওসমূহ আইডব্লিউটীৰ অধীনত পঞ্জীয়ন হোৱা আৱশ্যক ৷ ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিঙে সকলো নতুন জাহাজক জৰিপ কৰাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰিব ৷

মন কৰিব লগীয়া যে নাওসমূহৰ আধুনিকীকৰণৰ কাৰণে চৰকাৰে বিশ্ব বেংকৰ লগত বুজা বুজি কৰিছে ৷ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অফলামুখ,কমলাবাৰী,নিমাতী,উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ টাৰ্মিনেলৰ ক্ষেত্ৰত সমীক্ষা কৰে । মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অফলামুখ,নিমাতী আৰু উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী টাৰ্মিনেলসমূহক লোকসকলৰ লাভৰ কাৰণে একে সময়তে কাৰ্যক্ষম হ’ব লাগে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com