ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধঃ ড্ৰনৰ সহায়ত মোদীৰ গৃহ সমষ্টিত সংক্ৰমণ প্ৰতিৰোধ

ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধঃ ড্ৰনৰ সহায়ত মোদীৰ গৃহ সমষ্টিত সংক্ৰমণ প্ৰতিৰোধ

ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধঃ ড্ৰনৰ সহায়ত মোদীৰ গৃহ সমষ্টিত সংক্ৰমণ প্ৰতিৰোধ

বিশ্বজুৰি সংহাৰ চলোৱা ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ সমষ্টি বাৰাণসীত মানববিহীন ক্ষুদ্ৰ আকাশীযান(ড্ৰন)ৰ সহায়ত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলোৱা হৈছে। পৰ্যায়ক্ৰমে সমগ্ৰ দেশত এনে ব্যৱস্থা হাতত লোৱা হ’ব। প্ৰথমে এনে ব্যৱস্থা হাতত লোৱাৰ উদ্দেশ্যে এক বিশেষ ধৰণৰ ড্ৰন তৈয়াৰ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয় (পি এছ এ)-এ। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে পি এছ এ আৰু দেশৰ ৰাষ্ট্ৰীয় বিনিয়োগ উত্তৰণ সংস্থা ইনভেষ্টমেণ্ট ইণ্ডিয়াই অগ্নি মিছন আৰু ইনভেষ্ট ইণ্ডিয়াৰ বিজনেছ ইমিউনিটী প্লেটফৰ্মে সহযোগিতাৰে প্ৰধানমন্ত্ৰী মোদীৰ গৃহ সমষ্টি বাৰানসীত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ নিঃশেষৰ উদ্যোগ লৈছে। এই উদ্দেশ্য এবিধ বিশেষভাবে সজোৱা হৈছে।ইতিমধ্যে বাৰাণসীত এনে ড্ৰন নিয়োগ কৰা হৈছে। এনে ড্ৰনৰ জৰিয়তে আকাশৰ পৰা একোটা বৃহত অঞ্চল, স্পৰ্শকাতৰ অঞ্চল, বহু লোকৰ বসতিস্থল আদিত বীজাণুনাশক ছটিয়াব পৰা হব। আনহাতে, এই চৰকাৰী উদ্যোগলৈ সহযোগিতা আগবঢ়াই আগবাঢ়ি আহিছে চেন্নাইস্থিত হেল্পিং গাৰুডা এৰোস্পেচ শীৰ্ষক এটা সংস্থা। সংস্থাটোৱে এনেদৰে এই মহামাৰীৰ ভাইৰাছ নাশৰ বাবে লোৱা কাৰ্যসূচী সমগ্ৰ দেশতে ৰূপায়নৰ পোষকতা কৰিছে।প্ৰয়োজন অনুসৰি সংস্থাটোৱে চৰকাৰলৈ সহযোগিতা আগবঢ়াব বুলিও ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ইপিনে, ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা আজি শুকুৰবাৰে ২৩,০৭৭ লৈ বৃদ্ধি পায়। আনহাতে, মৃতৰ সংখ্যা ৬৮৩লৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হৈছে মহাৰাষ্ট্ৰত। তাৰ পাছতে আছে গুজৰাট। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। ইপিনে, যোৱা ২১ এপ্ৰিলৰ পৰা দেশৰ কেতবোৰ অঞ্চলত কিছুমান কাম-কাজ আৰু সেৱা আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰিছে। দেশৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই অঞ্চলসমূহত চৰ্তসাপেক্ষে কেইটামান সেৱা আৰম্ভ কৰাৰ অনুমতি দিছে।আনহাতে, অসম চৰকাৰে অসমৰ বাহিৰত লক-ডাউনৰ ফলত আবদ্ধ ৮৬,০০০ লোকৰ একাউণ্টত ১৭.২০ কোটি টকা জমা কৰিছে। অসমৰ বাহিৰত আৱদ্ধ এনে প্ৰত্যেক ব্যক্তিলৈ ৰাজ্য চৰকাৰে ২০০০টকাকৈ সাহায্য আগবঢ়াইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com