বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰস্তুতি: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ প্ৰস্তুতি: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেওবাৰে মাজুলীৰ দক্ষিণপাট সত্ৰত বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিৰ বয়ন কাৰ্যৰ শুভাৰম্ভ কৰে ৷ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগটোৰ উদ্যোগত নিৰ্মাণ হ’ব লগা শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ আপুৰুগীয়া সম্পদ ৷

এই উপলক্ষে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে লণ্ডনৰ সংগ্ৰালয়ত থকা গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰয়াস কৰি আহিছে ৷ ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে বৃন্দাবনী বস্ত্ৰখন লণ্ডনৰ পৰা অসমলৈ অনাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা হাতত লৈছে ৷ এয়া আমাৰ জাতীয় দায়িত্ব ৷ অসমৰ জাতীয় জীৱনৰ লগত সম্পৰ্ক থকা অমূল্য সম্পদ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।

অসমীয়া জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ থকা শিল্পী সত্তাৰ অপূৰ্ব নিদৰ্শন গুৰুজনাই বৃন্দাবনী বস্ত্ৰৰে নান্দনিক ৰূপত দাঙি ধৰি থৈ গৈছে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুৰু ভক্তিৰ যোগেদি অসাধ্য সাধন কৰিব পাৰিব ৷ সোনোৱালে দক্ষিণপাট সত্ৰৰ প্ৰশংসা কৰি পৰে। লগতে সত্ৰসমূহে লোৱা পদক্ষেপৰ কাৰণে ৰাজ্যৰ যুৱ প্ৰজন্মই মহাপুৰুষ শংকৰদেৱৰ সাহিত্য সংস্কৃতিলৈ অমূল্য যোগদানৰ সন্দৰ্ভত জানিব পাৰিব ৷

সভাত ভাষণ দি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে কয় যে ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে দিয়া নিৰ্দেশনাৰ আধাৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে সম্পদৰাজিৰ বিজ্ঞানসন্মত সম্পদৰাজিৰ সংৰক্ষণৰ জৰিয়তে আমাৰ গৌৰৱময় ঐতিহ্যই যাতে নতুন প্ৰজন্মক উগগনি যোগাব পাৰে তাৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগে ৷মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ ১৯৩ খন সত্ৰলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ১৫০ কোটি টকাৰ অনুদান আগবঢ়াইছে।

অন্যহাতে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ অন্যতম চিন্তাক একালৰ সভাপতি আলেক্ষ্য বৰুৱাই বয়ন কাৰ্যৰ সম্পৰ্কত কয় যে ১৮০ ফুট দীঘল আৰু ৯০ ফুট বহল বৃন্দাবনী বস্ত্ৰৰ ১৫ ফুট পৃষ্ঠৰ তাঁত শালখনত ছটা খণ্ডত বোৱা হ’ব ৷ ইফালে বিয়লি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা,সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ,শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ,অভিনেতা তথা বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰাঞ্জল শইকীয়া,অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,মীন বিভাগৰ অধ্যক্ষ,বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে বহু গণ্য মান্য ব্যক্তি ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com