ঈদ-উল-আধাৰ আনন্দ: গোৰাখপুৰত চলমান খানক বিক্ৰী ৮ লাখত

ঈদ-উল-আধাৰ আনন্দ: গোৰাখপুৰত চলমান খানক বিক্ৰী ৮ লাখত

সমগ্ৰ বিশ্বৰ লগতে দেশৰ উলহ মালহেৰে উৎযাপন কৰা হৈছে প্ৰবিত্ৰ ঈদৰ । ঈদৰ বাবে বছাৰতো ভৰি পৰিছে ঈদৰ সামগ্ৰীয়ে। সমান্তৰালকৈ দৰ উঠিছে ছাগলীৰো ।

গোৰখপুৰৰ বজাৰত চলমান খান নামৰ এটা ছাগলী ৮ লাখ টকাত বিক্ৰী হয় । আজি কোৰবাণী ঈদ । ঈদৰ বাবে বজাৰত দাম বৃদ্ধি পাইছে ছাগলীৰ । আল্লাৰ নামত আজি কোৰবাণী দিয়া হয় ছাগলীক । উত্তৰ প্ৰদেশৰ গোৰাখপুৰ বজাৰত ৮ লাখ টকাত বিক্ৰী হোৱা ছাগলীটোৰ নাম চলমান খান।

চলমান খানৰ মালিকে প্ৰকাশ কৰা মতে ছাগলীটোৰ ওজন ৯৫ কেজিৰ পৰা ১০০ কেজি হব । লগতে প্ৰকাশ কৰে যে, চলমান খানক আমি আমাৰ পৰিয়ালৰ সদস্য হিচাপে ব্যৱহাৰ কৰিছিলো । ছাগলীটোৱে বিছনাত গাৰুলৈহে শুইছিল । আমাৰ নিছানাকৈয়ে আহাৰো গ্ৰহণ কৰিছিল ছাগলীটোৱে । ছাগলীটোৱে ঘাঁহ আৰু গছৰ পাত খোৱা নাছিল । চলমান খানে চিস্পচ , দ্ৰাই ফ্ৰুইচ আদি খাইছিল । প্ৰত্যেক দিনাই ছাগলীটোৰ উপৰত প্ৰায় ৭০০-৮০০ টকা ব্যয় কৰিব লগা হৈছিল ।

কেইদিনমানৰ পুৰ্বে হামিৰপুৰত ২১১ কেজি ছাগলী এটা ৮ লাখ টকাক বিক্ৰী হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছিল । ঈদ-উল-আধাৰ উপলক্ষ্যে অব্ৰাৰ খান নামৰ লোক জনে ২১১ কেজি ছাগলীটো ৮ লাখ টকাত বিক্ৰী কৰে ।আব্ৰাৰ খান , উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ বাসিন্দা । তেওঁ প্ৰকাশ কৰা মতে বহুতো ধন আৰু সময় খৰচ কৰিছিল এই ছাগলীটো ডাঙৰ কৰোঁতে । লগতে অব্ৰাৰ খানে কয় যে, এই ছাগলীটোক প্ৰত্যেক দিনাই ১ ঘন্টা মালিচৰ প্ৰয়োজন আছিল । বহুতো লোকে ঈদত কোৰবাণী দিবলৈ ছাগলী কেইটা ৬ লাখ দৰত বিচাৰিছিল । কিন্তু বিক্ৰী নকৰিলে খানে ।এই ছাগলীটোৰ ওজন হৈছে ২১১ কেজি ।

আজি প্ৰবিত্ৰ ঈদ-আল-আধা ।সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক আনন্দ উল্লাসৰ পৰিবেশে বিৰাজ কৰিছে । প্ৰবিত্ৰ ঈদৰ উপলক্ষ্যে ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।প্ৰবিত্ৰ ঈদৰ অৰ্থ হৈছে ত্যাগ । ত্যাগেৰে সমগ্ৰ ৰাজ্য বাসীৰ হত্যা -হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিস্থা কৰিবলৈ উৎযাপন কৰা হয় প্ৰবিত্ৰ ঈদ -আল-আধা। নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোহত কৰিয়েই বিশ্বজুৰি ইছলামধৰ্মী জনগণে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ–উজ–আধা। ইব্ৰাহম খলিল উল্লাহৰ এই চৰম ত্যাগক স্মৰন কৰি বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ-আল-আধা। সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উজ–আধা ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com