পঞ্চম শ্ৰেণীলৈকে ইংৰাজী মাধ্যমৰো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব মাতৃভাষা

সকলো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বা আঞ্চলিক ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক।
পঞ্চম শ্ৰেণীলৈকে ইংৰাজী মাধ্যমৰো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব মাতৃভাষা
Published on: 

অলপতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ইংৰাজীকে ধৰি সকলো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বা আঞ্চলিক ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক। নতুন শিক্ষা নীতি ব্যাখ্যা কৰি এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাই কয় যে নতুন শিক্ষা নীতি অনুসৰি সমগ্ৰ অসমতে সকলো মাধ্যমৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে অ-ইংৰাজী ভাষা বাধ্যতামূলক কৰা হৈছে।আঞ্চলিক বা মাতৃভাষা মাধ্যমে বহু সময়ত প্ৰাসংগিকতা হেৰুৱাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত নতুন শিক্ষা নীতিত এই ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীজনে মন্তব্য কৰে। " আনকি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহেও পঞ্চম শ্ৰেণীলৈকে অসমীয়া বা তিৱা বা ৰাভা বা মিচিং বা বড়ো ভাষাৰ শিক্ষাদান কৰিব লাগিব। ষষ্ঠ শ্ৰেণীৰ পৰাহে ইংৰাজী মাধ্যম আৰম্ভ হ'ব। " 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com