অসমত ল’ক ডাউন ঘোষণা কৰা বুলি ৱাটছএপত ভুৱা প্ৰচাৰ চলিছে : মুখ্যমন্ত্ৰী সোণোৱাল

অসমত ল’ক ডাউন ঘোষণা কৰা বুলি ৱাটছএপত ভুৱা প্ৰচাৰ চলিছে : মুখ্যমন্ত্ৰী সোণোৱাল

অসমত ল’ক ডাউন ঘোষণা কৰা বুলি ৱাটছএপত ভুৱা প্ৰচাৰ চলিছে : মুখ্যমন্ত্ৰী সোণোৱাল

ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰী ৰোধৰ পদক্ষেপ হিচাপে অসম চৰকাৰে সৰ্ব-বন্ধ (ল’ক-ডাউন) ঘোষণা কৰা বুলি বিয়পি পৰা খবৰক ভুৱা আখ্যা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোমবাৰে এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে বৰ্তমানলৈ সৰ্ব-বন্ধ ঘোষণা কৰা নাই ৷ এই সম্পৰ্কত একাংশ লোকে ৱাটছএপেৰে চলোৱা প্ৰচাৰক তেওঁ ভুৱা আৰু ভিত্তিহীন আখ্যা দিয়ে ৷ “ৱাটছএপত ভুৱা খবৰ বিয়পিছে ৷ আমাৰ চৰকাৰে বৰ্তমানলৈ ল’ক ডাউন ঘোষণা কৰা নাই ৷" টুইটাৰত মুখ্যমন্ত্ৰীয়ে এইদৰে কয় ৷

https://twitter.com/himantabiswa/status/1241939602539032577

একেদৰে স্বাস্থ্য মন্ত্ৰী বিশ্ব শৰ্মায়ো অসম চৰকাৰে বৰ্তমানলৈ ল’ক-ডাউন ঘোষণা কৰা নাই বুলি সদৰী কৰিছে ৷ মন্ত্ৰীজনে কয় যে বৰ্তমানলৈ অসমত এজনো ক’ৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰা নাই ৷ অসম চৰকাৰে ন’ক-ডাউন ঘোষণা কৰা নাই বুলি তেওঁ মন্তব্য কৰি ভুৱা প্ৰচাৰত ভোল নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com