কৃষি আইনবিৰোধী কৃষকৰ এবছৰজোৰা প্ৰতিবাদৰ সামৰণি

সংযুক্ত কিষাণ মৰ্চাই যোৱা নিশা কৰা কৰা ঘোষণা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত প্ৰতিবাদৰ অন্ত পৰিব।
কৃষি আইনবিৰোধী কৃষকৰ এবছৰজোৰা প্ৰতিবাদৰ সামৰণি


অলপতে সংসদে প্ৰত্যাহাৰ কৰা নতুন তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা বহুল আলোচনাৰ পাচত প্ৰতিবাদকাৰী কৃষকসকলে বৰ্ষজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পেলাইছে। উল্লেখ্য যে যোৱা বছৰ সংসদে তিনিখন কৃষি আইন প্ৰণয়ন কৰাৰ পাছতে পঞ্জাৱ, হাৰিয়ানা আদিৰ কৃষকসকলে বৃহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। দেশৰ ৰাজধানী দিল্লীৰ সীমান্তত কৃষকসকলে এবছৰ ধৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কৃষকসকলৰ আঁকোৰগোঁজ স্থিতিত বাধ্য হৈ নৰেন্দ্ৰ মোদী চৰকাৰে বিতৰ্কিত কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰে। 

প্ৰতিবাদকাৰী কৃষকসকলক নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই যোৱা নিশা কৰা কৰা ঘোষণা অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত প্ৰতিবাদৰ অন্ত পৰিব। অৱশ্যে তাৰ বাবে চৰকাৰে কৃষকসকলৰ দাবী পূৰণ কৰিব লাগিব। 

এই দাবীসমূহ এনেধৰণৰঃ 

* সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আৰু কেন্দ্ৰীয় সংস্থাই এই প্ৰতিবাদ চলি থকাৰ সময়ত কৃষকৰ বিৰুদ্ধে সামাজিক অস্থিৰতা সৃষ্টিৰ অভিযোগত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। 

* প্ৰতিবাদত অংশ লোৱাৰ সময়ত মৃত্যু হোৱা লোকসকলৰ সকলোৰে পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব। 

* শস্যৰ নৰা আদি অৱশিষ্ট অংশ জ্বলোৱাৰ ক্ষেত্ৰত কৃষি উত্পাদকৰ বিৰুদ্ধে অপৰাধ গোচৰ ৰুজু কৰিব নোৱাৰিব। 

* ন্যূনতম সকাহ মূল্য(এম এছ পি) ব্যৱস্থা পৰীক্ষাৰ বাবে এখন সমিতি গঠন কৰিব লাগিব। 

* ন্যূনতম সকাহ মূল্য(এম এছ পি)-ৰ ক্ষেত্ৰত বৰ্তমানে প্ৰচলিত ব্যৱস্থা বাহাল ৰাখিব লাগিব। 

তদুপৰি পঞ্জাৱ চৰকাৰৰ লেখীয়াকৈ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ চৰকাৰেও মৃত কৃষকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য আগবঢ়াব লাগিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com