গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চাইল্ড কেয়াৰ ইউনিটত অগ্নিকাণ্ড

শুকুৰবাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চাইল্ড কেয়াৰ ইউনিটত অগ্নিকাণ্ড সংঘটিত হয়।
গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ চাইল্ড কেয়াৰ ইউনিটত অগ্নিকাণ্ড

গোৱালপাৰা অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। পুৱা প্ৰায় ৯:৩০ বজাত জুই লগাৰ পিছত চিকিৎসালয়ত ভৰ্তি হোৱা কমেও ১৪ টা নৱজাতক শিশুক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি নৱজাতকসকলক পিছত গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সূত্ৰৰ মতে, কোঠাটোত ৰখা অগ্নি-নিৰ্বাপকৰ সহায়ত কৰ্মচাৰীসকলে লগে লগে জুই নুমুৱাইছিল।

ইয়াৰ পূৰ্বেও, নৱেম্বৰৰ ১০ তাৰিখ বুধবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। হস্পিটেল খনৰ শিশু বিশেষ কক্ষত ৰখা, পি এম - কেয়াৰ পুঁজিৰ দ্বাৰা লাভ কৰা ভেন্তিলেটৰত সংযোগ হৈ সংঘটিত হৈছিল এই অগ্নিকাণ্ড। অৱশ্যে মানুহৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল এই দূৰ্ঘটনাত। মহাবিদ্যালয় খনৰ অধ্যক্ষ প্ৰশান্ত দিহিঙ্গীয়াৰ তথ্য অনুসৰি শিশুৰ বিশেষ কক্ষত ৰখা ভেণ্টিলেটৰ সংযোগী এটি মনিটৰত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ। অৱশ্যে কক্ষটোত ৰখা অগ্নি নিৰ্বাপক যন্ত্ৰৰ সহায়ত চিকিৎসালয় কৰ্মীয়ে তৎক্ষণাতে নুমুৱাবলৈ সক্ষম হৈছিল এই জুই। ডাঃ দিহিঙীয়াই প্ৰকাশ কৰা অনুসৰি কক্ষটোত ৬ মাহৰ পৰা ১০বছৰ বয়সৰ মুঠ ১২গৰাকী শিশু আছিল। সৌভাগ্য ক্ৰমে এই দূৰ্ঘটনাত কোনো আহত হোৱা নাছিল। ইপিনে, সাৱধানতা অৱলম্বন কৰি কক্ষটোত ভৰ্তি সকলো ৰোগীক চিকিৎসালয়খনৰ আন কক্ষলৈ স্থানান্তৰ কৰা হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com