ইতিহাসত প্ৰথমঃ নিউয়ৰ্কৰ টাইম স্কোৱেৰত উত্তোলন হ'ব ত্ৰিৰংগা

স্বাধীনতা দিৱস উপলক্ষ্যে দেশৰ জাতীয় পতাকা উত্তোলন কৰিব ফেডাৰেচন অৱ ইণ্ডিয়ান এছোচিয়েচনে
ইতিহাসত প্ৰথমঃ নিউয়ৰ্কৰ টাইম স্কোৱেৰত উত্তোলন হ'ব  ত্ৰিৰংগা
Published on: 

এইবাৰৰ স্বাধীনতা দিৱসত অহা ১৫ আগষ্টত ইতিহাসত প্ৰথমবাৰৰ বাবে উত্তোলন হ'ব দেশৰ জাতীয় পতাকা। প্ৰাপ্ত তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ভাৰতীয়সকলে অহা ১৫ আগষ্টত টাইম স্কোৱেৰত জাতীয় পতাকা উত্তোলন কৰিব।এইবাৰেই প্ৰথমবাৰৰ বাবে টাইম স্কোৱেৰত জাতীয় পতাকা উত্তোলন হব।স্বাধীনতা দিৱস উপলক্ষ্যে দেশৰ জাতীয় পতাকা উত্তোলন কৰিব ফেডাৰেচন অৱ ইণ্ডিয়ান এছোচিয়েচনৰ নিউয়ৰ্ক, নিউ জাৰ্চি আৰু কাণেক্টিকাট শাখাই।

এই কথা সদৰী কৰি ফেডাৰেচনে কয়, " এইবাৰেই প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ টাইম স্কোৱেৰত দেশৰ জাতীয় পতাকা উত্তোলন কৰা হব।" এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ৰণধীৰ জয়ছোৱালে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com